
পুৱা ৮ বজাৰ পৰা বডোলেণ্ড টেৰিটোৰিয়েল কাউনচিল (BTC) নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৩১৬জন প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰা এই নিৰ্বাচনত ৪০খন পৰিষদীয় আসনৰ ফলাফল আজি ঘোষণা হ’ব।
BTCৰ পাঁচখন জিলা সদৰ — কোকৰাঝাৰ, বকো, চিৰাং, উদালগুৰি আৰু তামুলপুৰত ভোটগণনা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ গৰিষ্ঠ উৎসাহৰ মাজত হোৱা এই নিৰ্বাচনত ৭৭.৭৫ শতাংশৰো অধিক ভোটাৰ উপস্থিতি পৰিলক্ষিত হৈছিল।
🔸 শেহতীয়া ফলাফল আৰু অগ্ৰগতি
- দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি লক্ষ্য কৰা গৈছে। যদিও চিৰাং দুৱাৰ সমষ্টিত তেওঁ পিছ পৰিছে।
- পাঁচনৈ চেৰফাঙ, ধনশ্ৰী, আৰু ননৈ চেৰফাঙত বিপিএফ প্ৰাৰ্থীসকলৰ অগ্ৰগতি দেখা গৈছে।
- মুদৈবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত বৰুৱাৰ অগ্ৰগতি।
- পাঁচনৈ চেৰফাঙত বিজেপি প্ৰাৰ্থী দীপক ম’ৰ অগ্ৰগতি।
- ধনশ্ৰীত ফ্ৰেছ মুছাহাৰী (BPF) আগবাঢ়ি আছে।
- ননৈ চেৰফাঙত BPF প্ৰাৰ্থী পল তপ্ন অগ্ৰগামী।
- কচুগাঁও সমষ্টিত BPFৰ ৰবিৰাম নাৰ্জাৰীৰ অগ্ৰগতি।
- ছালাকাটিত BPFৰ দেৰহাছৎ মুছাহাৰীৰ অগ্ৰগতি দেখা গৈছে, যেতিয়া UPPLৰ লৰেঞ্চ ইছলাৰী পিছ পৰিছে।
🔹 অন্যান্য সমষ্টিসমূহৰ আপডেট
- গয়বাৰীত প্ৰমোদ বড়োৰ অগ্ৰগতি দেখা গৈছে, যদিও দতমাত তেওঁ পিছ পৰিছে।
- বাগানপাৰাত ৰেখা ৰাণী দাস বড়ো আগবাঢ়ি আছে, যেতিয়া চন্দন ব্ৰহ্ম পিছ পৰিছে কাজল গাঁওত।
- ভৈৰৱকুণ্ডত UPPLৰ গোবিন্দ বসুমতাৰী পিছ পৰিছে।
- থুৰিবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ অগ্ৰগতি দেখা গৈছে।
- প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰো একাধিক সমষ্টিত অগ্ৰগতি ধৰা পৰিছে।

