Himanta Biswa Sarma: জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

প্ৰাণৰ শিল্পী জুবিন (Himanta Biswa Sarma)গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত বহুকেইটা কথা কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ’লহেঁতেন৷ ড° ভূপেন হাজৰিকাৰ অন্তিম সংস্কাৰ কৰিবলৈ কংগ্ৰেছে মাটিডোখৰ বিচাৰি উলিয়াওঁতে তিনিদিন সময় লগাইছিল৷ সুধাকণ্ঠৰ নশ্বৰ দেহত সন্মান জনাবলৈ সেই সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ , ৰাইজে যিসকলক সন্দেহ কৰিছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, গতিকে কোনে আশা কৰিছিলে ইমান কম সময়তে সকলোকে এৰেষ্ট কৰিব বুলি। প্ৰথমে কৈছিলে হিমন্ত বিশ্বই নাটক কৰি আছে, আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলে তাৰ দহ শতাংশও নহ’লহেতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটি বিচাৰোতে তেওঁলোকে তিনিদিন লগাইছিল।আমি সকলো কৰি দিলো গতিকে জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাই বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles