অসমীয়াৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ কমাৰকুছিস্থিত সমাধিস্থলৰ সন্মুখত একাংশ লোকে সৃষ্টি কৰিছে বিশৃংখল পৰিস্থিতি৷ গণশিল্পীগৰাকীৰ সমাধিস্থলৰ সন্মুখত সৃষ্টি হোৱা পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীয়ে। শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক এই সন্দৰ্ভত এখন স্মাৰকপত্র প্ৰদান কৰিছে৷

স্মাৰকপত্রত উল্লেখ কৰা মতে, জুবিন গাৰ্গৰ সমাধিস্থলৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে কিছুমান দোকান আৰু সৰু-সুৰা দোকান-ঘৰ স্থাপন কৰা হৈছে। এই দোকানসমূহত কিছু অচিনাকি ব্যক্তিয়ে নিশাৰ ভাগত অবৈধভাৱে সুৰা আদি নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি অহা বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ ফলত সমাধিস্থলৰ সন্মুখত বিশৃংখল পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে তীব্ৰ যান-জঁট সৃষ্টি হৈছে।
শ্মশান কমিটীয়ে জনায় যে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দোকান স্থাপন কৰাটো আইনবিৰুদ্ধ হোৱাৰ উপৰি জুবিন গাৰ্গৰ সমাধিস্থলৰ পৱিত্ৰ পৰিৱেশৰ পৰিপন্থী। যোৱা নিশা সুৰাপান কৰা লোকে সমাধিস্থলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত এক দুৰ্ঘটনাও সংঘটিত হয়।
এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক শীঘ্ৰে এই অবৈধ দোকানসমূহ উচ্ছেদৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

