Mizoram । উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামে স্থান লাভ কৰিছে।মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে ৰাজ্যখন উত্তৰ-পূবৰ অন্যতম শীৰ্ষ পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে, যোৱা বছৰ দৰ্শনাৰ্থীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।

চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ৫.২ লাখৰো অধিক পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৩৯.৫ শতাংশ বৃদ্ধি পাইছে। ৰাজ্যখনক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া বৈৰাবি–ছৈৰাং ৰে’লপথ উদ্বোধনৰ পিছতো এই উত্থান অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথটোৱে অসমৰ শিলচৰ চহৰৰ মাজেৰে মিজোৰামৰ ৰাজধানী আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি গণ্য কৰা এই প্ৰকল্পটোৱে পৰ্যটন আৰু বাণিজ্যৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।চাম্পাই জিলাত অনুষ্ঠিত হ্নাহচিন (কচমছ ফুল) উৎসৱত ভাষণ দি লালডুহোমাই কয় যে মিজোৰামৰ পৰ্যটনৰ সম্ভাৱনা কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যতেই নহয়, ইয়াৰ সাংস্কৃতিক সমৃদ্ধিৰ ওপৰতো নিহিত হৈ আছে।
‘পৰ্যটকক আমাৰ ৰাজ্যলৈ আহিলে নিস্বাৰ্থ সেৱা, সততা, বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান আৰু অচিনাকি লোকক আতিথ্যৰ মিজো নৈতিকতা দেখুৱাব লাগে।’পৰ্যটনক অৰ্থনৈতিক বিকাশৰ মূল চালক হিচাপে আকোৱালি লোৱাৰ সমান্তৰালকৈ বাসিন্দাসকলক নিজৰ মাটি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে ৰাজ্যৰ বাহিৰত দীৰ্ঘদিন ধৰি নিষ্কাশন হৈ থকা ধন-সম্পত্তি পুনৰ উদ্ধাৰ কৰাত পৰ্যটনে সহায় কৰিব পাৰে।

