অহা ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত,সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, নুমলীগড় শোধনাগাৰ, বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান,ৰাইজৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ। অহা ২২ অক্টোবৰৰ দুপৰীয়া বৰ্ণাঢ্য শুভ উদ্বোধনী অনুষ্ঠানত কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী,ৰাইজে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী আৰু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত’ সমস্বৰে পৰিৱেশন কৰি মুখৰিত কৰিব।

গ্ৰন্থমেলাৰ নঙলা মুকলিৰে শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। মুখ্য তোৰণ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ সোঁৱৰণত উচৰ্গা কৰিছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। গ্ৰন্থমেলাৰ অক্ষয় বন্তি প্ৰজ্বলন কৰাৰ লগতে বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ। জুবিন গাৰ্গ সোঁৱৰণী মুল মঞ্চ উদ্বোধন কৰিব কৃষি মন্ত্ৰী অতুল বৰাই। উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ৰূপেশ গোৱালা, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন আদি উপস্থিত থাকিব।

