দুধনৈত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ অতিথ্যত বঁটা প্ৰদান অনুষ্ঠান :মামনী শইকীয়াক শ্বহীদ কনকলতা বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা সমিতিৰ অতিথ্যত জাতীয় চেতনা দিৱসৰ লগত সংগতি ৰাখি দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱনত শ্বহীদ কনকলতা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী প্ৰয়াত ডঃ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে দুধনৈ সমজিলা আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই । আনহাতে আমাৰ সকলোৰে হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় লেখিকা সমিতিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী জয়ন্তী দাসে । ইয়াৰ পিছত লেখিকা সমিতিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী তথা গোৱালপাৰা জিলা সমিতিৰ সভানেত্ৰী গীতা দাসৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত গোৱালপাৰা জিলা মহিলা সমতা চ’চাইটিৰ সমন্বয়ক মামনী শইকীয়াক “শ্বহীদ কনকলতা বঁটা” প্ৰদান কৰা হয় ।

এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোছা, চেলেং চাদৰ, কিতাপৰ টোপোলা, চাদৰ, জাপিৰে বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত জাতীয় চেতনা দিৱসৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি সিদ্ধিনাথ শৰ্মা, গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী ডঃ মলিনা দেৱী ৰাভা, দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তৰুণ চন্দ্ৰ চাংমাইয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা ডঃ মৰমী হাজৰিকা ৰাভাই অনুষ্ঠানটিৰ আঁত ধৰাৰ উপৰিও উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায় । উল্লেখ্য যে, শ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱাই প্ৰাণ আহুতি দিয়া ২০ চেপ্তেম্বৰ তাৰিখে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জাতীয় চেতনা দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ যোৱা ২০ চেপ্তেম্বৰ ২০২৫ বৰ্ষৰ জাতীয় চেতনা দিৱসটো গোৱালপাৰা জিলা সমিতিৰ আতিথ্যত উদযাপনৰ দিহা কৰা হৈছিল ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ কনকলতা বঁটা প্ৰদান অনুষ্ঠানো ৰখা হৈছিল ৷ কিন্তু অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অনুষ্ঠানখন স্থগিত ৰখা হৈছিল ৷ ইপিনে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে উত্তৰ লখিমপুৰৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু তথা সমাজ সেবিকা মানিকী শইকীয়াকো শ্বহীদ কনকলতা বঁটা প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা ডঃ মৰমী হাজৰিকা ৰাভাই।

Related Articles