৫০ বছৰৰ পিছত নগা বিদ্ৰোহী নেতা মুইভাৰ স্বগৃহলৈ প্ৰত্যাৱৰ্তন


সুদীৰ্ঘ ৫০ বছৰৰ পিছত এন এছ চি এন-আই এমৰ নেতা থুইংগালেং মুইভাই ২২ অক্টোবৰ বুধবাৰে নিজৰ জন্ম গাঁও মণিপুৰৰ উখৰুল জিলাৰ সোমডাললৈ উভতি আহে। নিজৰ গাঁৱত উপস্থিত হৈয়েই নগা বিদ্ৰোহী নেতাগৰীয়ে নগাসকলৰ মাজত তেওঁৰ চিৰস্থায়ী প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে। উখৰুল চহৰত হাজাৰ হাজাৰ লোকে সমবেত হৈ টিএনএল খেলপথাৰলৈ এক বৃহৎ শোভাযাত্ৰা কৰি যায় আৰু ৯৩ বছৰীয়া নগা নেতাগৰাকীক আদৰণি জনায়। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি স্থানীয় লোকসকলে মুইভাক উষ্ম আদৰণি জনায়। মুইভাৰ আগমনৰ সময়তে আনন্দ উদযাপন কৰিবলৈ দোকান আৰু কাৰ্যালয় আদি বন্ধ হৈ পৰে। উল্লেখ্য ৫০ টা বছৰ ধৰি নগা বিদ্ৰোদী নেতাজনে ম্যানমাৰ সীমান্তত বাস কৰিছিল। ১৯৮০ চনত তেওঁ গঠন কৰিছিল এন এছ চি এন-আই এম। বিদ্ৰোহী সংগঠনটোৱে নগালেণ্ডৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। ইপিনে বুধবাৰে দুৰ্বল স্বাস্থ্যৰ বাবে মুইভাৰ বাৰ্তা পঢ়ি শুনায় এন এছ চি এন-আই এমৰ আন এজন নেতাই। বিবৃতিটোত মুইভাই পুনৰ দৃঢ়তাৰে কয় যে ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনাত নগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধান “আলোচনা কৰিব নোৱাৰা” উপাদান। তেওঁ কয় যে যিকোনো চূড়ান্ত চুক্তিয়ে আমষ্টাৰডাম যৌথ বিজ্ঞপ্তি (২০০২) আৰু কাঠামো চুক্তি (২০১৫) দুয়োটাৰে “আখৰ আৰু আত্মা”ক সন্মান কৰিব লাগিব, যিবোৰক তেওঁ নগা ঐক্য আৰু পৰিচয়ৰ মূল স্তম্ভ বুলি অভিহিত কৰে।


১৯৬৪ চনৰ পৰা দশকজুৰি চলি অহা ৰাজনৈতিক সংগ্ৰামৰ কথা স্মৰণ মুইভাই কয় যে ১৯৯৭ চনৰ যুদ্ধবিৰতিৰ সৈতে আৰম্ভ হোৱা ভাৰত-নগা শান্তি প্ৰক্ৰিয়াটো পাৰস্পৰিক স্বীকৃতি আৰু উচ্চতম পৰ্যায়ত আলোচনাৰ আধাৰত গঢ় লৈ উঠিছিল। অৱশ্যে নতুন দিল্লীয়ে নগা জাতীয় প্ৰতীকক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ । তেওঁ কয়, ‘ভাৰত চৰকাৰে নগা পতাকা আৰু সংবিধানক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি চুক্তিৰ সাৰমৰ্ম উলংঘা কৰিছে।
মুইভাই লগতে অভিযোগ কৰে যে নগা সম্প্ৰদায়ক বিভাজিত কৰাৰ চেষ্টা কৰা হৈছে, এনে কাৰ্য্যই চুক্তিখনে ৰক্ষা কৰিব বিচৰা সামূহিক মনোভাৱৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ কেন্দ্ৰক আহ্বান জনায় যে যদিহে ই সঁচাকৈয়ে “সন্মানজনক আৰু স্থায়ী বন্দোবস্তী” বিচাৰে তেন্তে সকলো পক্ষকে সন্মান জনাব লাগিব । তেওঁ সকলো নগাকে নগা পতাকা আৰু সংবিধানৰ অধীনত সাৰ্বভৌমত্ব তথা ঐক্যৰ সন্ধানত অটল হৈ থাকিবলৈ আহ্বান জনায়।

Related Articles