মুঠ বনাঞ্চলৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে নৱম স্থানলৈ উন্নীত

বালিত খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা গ্ল’বেল ফৰেষ্ট ৰিচ’ৰ্ছ এচেছমেণ্ট (জিএফআৰএ) ২০২৫ অনুসৰি ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে নৱম স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে দেশখনে দশম স্থান দখল কৰিছিল।কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দৰ যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই সাফল্যৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে ভাৰতে বাৰ্ষিক বনাঞ্চল লাভৰ ক্ষেত্ৰত বিশ্বজুৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

মন্ত্ৰীগৰাকীয়ে এই অগ্ৰগতিৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বন সুৰক্ষা, বনানীকৰণ, আৰু সম্প্ৰদায়ৰ নেতৃত্বত পৰিৱেশ কাৰ্যসূচীৰ লক্ষ্যৰে চৰকাৰী পদক্ষেপৰ বাবেই বুলি কয়।‘এক পেড় মা কে নাম’ৰ দৰে অভিযানে নাগৰিকসকলক বৃক্ষৰোপণ আৰু বন সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে, পৰিৱেশ পৰিচালনাৰ ক্ষেত্ৰত জনসংযোগ বৃদ্ধি কৰিছে।যাদৱে কয় যে এই সাফল্যই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংযুক্ত প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে পৰিকল্পনা, নীতি ৰূপায়ণ, আৰু বৃহৎ পৰিসৰৰ বাগিচাৰ অভিযান, যিয়ে ভাৰতৰ বহনক্ষম বন ব্যৱস্থাপনা আৰু পৰিৱেশ ভাৰসাম্যৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰে।

Related Articles