ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। ঘটনাটো সংঘটিত হৈছে কেৰালাত।
ৰাষ্ট্ৰপতি মুৰ্মুৱে সবৰীমালা ভ্ৰমণৰ বাবে যোৱা হেলিকপ্টাৰখনৰ চকা বুধবাৰে প্ৰমাদমৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰা হেলিপেডত পুৱা অৱতৰণ কৰাৰ সময়তে আবদ্ধ হৈ পৰে । এই ঘটনাত অৱশ্যে ৰাষ্ট্ৰপতিগৰাকী আঘাত নোপোৱাকৈ ৰক্ষা পৰে। জানিব পৰা মতে হেলিকপ্টাৰখন অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পিছতে হেলিপেডৰ এটা অংশ আংশিকভাৱে ভাগি যায় । ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হৈ হেলিকপ্টাৰখন ঠেলি উলিয়াবলৈ চেষ্টা কৰে ।এই ঘটনাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে পথেৰে পাম্বালৈ ৰাওনা হয় । এগৰাকী এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে অন্তিম মুহূৰ্তত হেলিকপ্টাৰখনে অৱতৰণ কৰিবলগীয়া স্থান হিচাপে ষ্টেডিয়ামখন নিৰ্ধাৰণ কৰা হৈছিল আৰু সেয়েহে মঙলবাৰে নিশা ততাতৈয়াকৈ হেলিপেডখন নিৰ্মাণ কৰা হৈছিল ।সেইবাবেই মাটি ঢিলা হৈ আছিল।

প্ৰথমে পাম্বাৰ সমীপৰ নীলাকলত ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ অৱতৰণৰ পৰিকল্পনা কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অৱতৰণৰ স্থান প্ৰমাদমলৈ সলনি কৰা হৈছিল ।
উল্লেখ্য ৪ দিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীলৈ তিৰুৱনন্তপুৰমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে পুৱা পাঠানামথিত্তা জিলালৈ ৰাওনা হয় । প্ৰমাদমৰ পৰা ৰাষ্ট্ৰপতি মুৰ্মুৱে স্থলপথেৰে সবৰীমালাৰ পাম্বালৈ যাত্ৰা কৰে।

Related Articles