জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী ।Zubeen

Zubeen । জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশে তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছে – মুখ্যমন্ত্ৰী

বঙাইগাঁও, ২৩ অক্টোবৰঃ
অসমীয়াৰ জীৱনশৈলী আৰু সংস্কৃতিৰ প্ৰতীক জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। বঙাইগাঁৱৰ এক অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, একাংশ বাওঁপন্থীয়ে জুবিন গাৰ্গক নাস্তিক হিচাপে প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰি আছে। এই প্ৰচেষ্টা দ্বাৰা সনাতন ধৰ্মক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলি আছে বুলি মুখ্যমন্ত্ৰীৰ অভিযোগ।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “জুবিন গাৰ্গ আছিল শিৱভক্ত। তেওঁৰ শৰীৰত মহাদেৱৰ টেটু আছিল। তেওঁ পূজা কৰিছিল, শিৱক মানিছিল। কিন্তু আজি বাওঁপন্থীয়ে তেওঁৰ চিনেমাৰ সংলাপ – ‘মোৰ জাতি নাই, ধৰ্ম নাই’ – ব্যৱহাৰ কৰি তেওঁক নাস্তিক সজাব চেষ্টা কৰিছে।”

তেওঁ আরও কয়, “ৰীতা চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰত জুবিনে কৈছিল কিমান শিৱক মানে। মোৰ লগতো তেওঁৰ পূজা কৰা বহু ফটো আছে। কিন্তু আজি বাওঁপন্থীয়ে এই সকলো সত্য ঢাকি ৰাখি তেওঁৰ বিপৰীত ছবি প্ৰতিষ্ঠা কৰিবলৈ চাইছে।”

শৰ্মাই অভিযোগ কৰে, “প্ৰকৃত জুবিন যাতে হেৰাই নাযায়, তাৰ বাবে আজি বিজেপি ৰাজপথত নামিছে। যিসকলক জুবিনে ‘নমতা অতিথি’ বুলি কৈছিল, সেইসকলে আজি জুবিন ক্ষেত্ৰত ভিৰ কৰিছে। হিন্দু ধৰ্মৰ বিধি অনুসাৰে তেওঁৰ শেষকৃত সম্পন্ন হৈছে, কিন্তু বাওঁপন্থীয়ে চিনেমাৰ সংলাপৰ অপব্যৱহাৰ কৰি ধৰ্ম আৰু সংস্কৃতি দুৰ্বল কৰিবলৈ চাইছে।”

মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাই কয়, “আমাক দেখুৱাই দিয়ক জুবিনৰ জাতি নাছিল, ধৰ্ম নাছিল বুলি। এই ষড়যন্ত্ৰৰ মাধ্যমেৰে বাওঁপন্থী আৰু কংগ্ৰেছ তথা অখিল গগৈসকলে অসমীয়াৰ ধৰ্ম, জাতি-মাটি, ভেঁটিৰ ওপৰত আঘাত হানিবলৈ চাইছে।”

শৰ্মাৰ এই মন্তব্যে পুনৰ একবাৰ জুবিন গাৰ্গৰ বিশ্বাস আৰু ধৰ্মীয় চিন্তাধাৰা লৈ ৰাজ্যৰ ৰাজনৈতিক বিতৰ্কত নতুন অধ্যায় উন্মোচিত কৰিছে।

Related Articles