ৰাজ্যৰ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ সৈতে অন্তিম সময়ত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল, সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে।
আনফালে জুবিন গাৰ্গক লৈ একাংশই চলাইছে অপপ্ৰচাৰ। জুবিন গাৰ্গে হতাশগ্ৰস্ত হোৱা বুলি একাংশই অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই।

ডাঃ হিতেশ বৰুৱাই কয় যে ‘‘হতাশগ্ৰস্ত হোৱা নাছিল জুবিন। জুবিনক লৈ একাংশই চলাইছে অপপ্ৰচাৰ। এনেধৰণৰ কথাই গৰিমা গাৰ্গৰ মনত কষ্ট দিছে।’’ এনে অপপ্ৰচাৰৰ পৰা সকলোকে দূৰত থাকিবলৈ আহ্বান জনাই বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই।

আজি গৰিমা শইকীয়া গাৰ্গৰ খবৰ ল’বলৈ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছিল চিকিৎসক হিতেশ বৰুৱা। সেই মুহূৰ্ততে গৰিমা গাৰ্গৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও কৰে ডাঃ হিতেশ বৰুৱাই।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে CIDৰ SITএ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যভেদ কৰিবলৈ বিভিন্ন লোকক জেৰা চলোৱাৰ লগতে ভাষ্য গ্ৰহণ কৰিছে।

