গোসাঁইগাঁও সদৰ চহৰত ‘এয়াৰ বড়োলেণ্ড’ নামৰ এটা সংস্থা স্থাপন কৰি গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীক বিমান সেৱা ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি বিটিচি অঞ্চলৰ শিক্ষিত যুৱক যুৱতীৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ এক সুযোগ কৰি দিছে। ইয়াৰ উপৰি সম্প্ৰতি তেওঁ ট্যুৰিজম ক্ষেত্ৰতো পদাৰ্পণ কৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি দেশ বিদেশৰ পৰ্যটক সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে।

তদুপৰি তেওঁৰ ঐকান্তিক প্ৰচেষ্টাত আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ উদ্যোগত অলপ সময়ৰ ভিতৰতেই ৰূপসী বিমানবন্দৰৰ পৰা এখন এয়াৰ টেক্সি আৰু এখন এয়াৰ এম্বুলেন্স সেৱাৰ প্ৰৱৰ্তন কৰা হ’ব। ৬ আসন যুক্ত এয়াৰ টেক্সি (হেলিকপ্টাৰ) আৰু ৮ আসন যুক্ত এয়াৰ এম্বুলেন্সৰ সুবিধা থকা হেলিকপ্টাৰ সেৱা বিটিচিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলি আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে মুনমুন সিংহ চৌধুৰীয়ে। তেওঁৰ এই উদ্যম আৰু উচ্চাকাঙ্ক্ষাই নাৰী সমাজৰ বাবে অনুকৰণীয় আৰু সমাজৰ পাছপৰা সকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

