জুবিন গাৰ্গ মৃত্যু তদন্তৰ ডাঙৰ আপডেট !

সৰুসজাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা সাংবাদিকৰ বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে জনালে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ আজিৰ দিনটোলৈ হোৱা শেহতীয়া তথ্যৰ সবিশেষ। জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “SIT টীম ছিংগাপুৰলৈ যাওঁতে ছিংগাপুৰ চৰকাৰে আমাক সহযোগিতা কৰিম বুলি আশ্বাস দিছিল। আজি ছিংগাপুৰ চৰকাৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু টক্সিক’ল’জী ৰিপ’ৰ্টটো পঠাইছে। অৰ্থাৎ গুৱাহাটীত আমি যেতিয়া দ্বিতীয়টো প’ষ্টমৰ্টেম কৰিছিলোঁ, তেতিয়ালৈকে শৰীৰ ৫/৬ দিন পুৰণি হৈ গৈছিল।

কিন্তু ছিংগাপুৰত মৃত্যুৰ ৫ মিনিটৰ ভিতৰতে তেজৰ নমুনা লৈ টক্সিক’ল’জীৰ পৰীক্ষা কৰিছিল, গতিকে সেই ৰিপ’ৰ্টটো বহুত বেছি অথেনটিক। আজি মোক বিষয়াসকলে জনোৱা মতে, ছিংগাপুৰ চৰ MLAT অৰ্থাৎ Mutual Legal Assistance Treatyৰ অধীনত আমাক তেওঁলোকে প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু সাগৰৰ লগত জড়িত নিয়ম-নীতিসমূহৰ বিশদ বিৱৰণ আৰু টক্সিক’ল’জী ৰিপ’ৰ্ট তিনিওটাই আমাক পঠিয়াই দিছে যিটোৱে আমাৰ তদন্তত সহায়ক হ’ব।”

Related Articles