নলবাৰী জিলাৰ কৈঠালকুছিত আজি সদৌ অসম কবি সম্মিলনৰ উদ্যোগত কৈঠালকুছি শাখা কবি সম্মিলন গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ পূৰ্বে অসমবাসীৰ হিয়াৰ আমঠু,গণশিল্পী, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।গামাৰিমূৰীস্থিত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেলি ২ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে স্থানীয় আদৰ্শ কৃষক তথা কবি মধু ডেকা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, ৰাজ্যিক উপ সমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী চৰকাৰ, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা যুৱ- প্ৰজন্মৰ কবি-লিখক-শিক্ষক পিংকু মণি ৰায় চৌধুৰী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্যৰ উপস্থিতিত কৈঠালকুছি শাখা কবি সন্মিলনখন গঠন কৰা হয়।
উক্ত শাখা কবি সন্মিলনখনৰ সভাপতি হিচাপে কবি তথা আদৰ্শ কৃষক মধু ডেকা, উপ-সভাপতিদ্বয় ক্ৰমে প্ৰদীপ শৰ্মা আৰু নৃপেন বৰ্মণ, সম্পাদক হংস বৰ্মণ, সহকাৰী সম্পাদকদ্বয় চন্দন বেজবৰুৱা, শংকৰজ্যোতি বৰ্মণ, কোষাধ্যক্ষ অখিল বৈশ্য, প্ৰচাৰ সম্পাদক তন্ময় শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বেজবৰুৱা, পত্ৰিকা সম্পাদক প্ৰণীতা ঠাকুৰীয়া বেজবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, মনোজ শৰ্মাক নিৰ্বাচিত কৰা হয়। উক্ত অনুষ্ঠানটিত ভালেকেইজন কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ উপৰিও প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ মায়াবিনী গীত গাই সমূহীয়া শ্ৰদ্ধাঞ্জলি জনায়। পৰৱৰ্তী পৰ্যায়ত কৈঠালকুছিৰ গণ্য মান্য ব্যক্তিসকলৰ দিহা পৰামৰ্শক শিৰোগত কৰি কৈঠালকুছি কবি সন্মিলনখনক বিস্তাৰিত ৰূপ প্ৰদান কৰা হ’ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই।

