নিৰ্বাচনৰ দিন চমুহ চাপি অহাৰ লগে লগে সঘনাই পদাৰ্পণ ঘটাৰ পৰিলক্ষিত হৈছে দিল্লী-দিছপুৰৰ বিয়াগোম বিয়াগোম নেতা সকলৰ ৷ইফালে জোনাই আৰু ধেমাজিৰ বিধান সভাৰ আসন দুখনৰ বাবে মুৰকামুৰণি হৈছে শাসনাধিষ্ঠিত দলটিৰ ৷সম্প্ৰতি চৰকাৰ বিৰোধী প্ৰতিবাদৰ গৰম বতাহে আবৰি ধৰিছে সমগ্ৰ ৰাজ্যখন ৷ চিলাপথাৰলৈ মোডী অহাৰ সময়তে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিখন জিলাতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে হাতে হাতে ক’লা পতাকালৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ইফালে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা , বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া , নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি বৃহৎ নদীবান্ধৰ নামনি অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত নদী বান্ধ নিৰ্মাণৰ কাম স্থগিত ৰখা আদিৰ দাবীত আজি ধেমাজি জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্য্যসুচীৰ ৰূপায়ণ কৰে ৷ ভাৰতৰ প্ৰধান মন্ত্ৰীৰেে চিলাপথাৰত ভাষন দিয়া সময়তে জিলাখনৰ শতাধিক ছাত্ৰ কৰ্মীয়ে ধেমাজি সদৰ তিনিআলিস্হিত শ্বহীদ উদ্যানৰ সন্মুখত এই প্ৰতিবাদীৰ কাৰ্য্যসুচীৰ ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্হলীত ছাত্ৰ সংগঠনটোৱে চৰকাৰ বিৰোধী ভিন্ন শ্ল’গানেৰে উওাল কৰি তোলাৰ লগতে কলা পতাকা প্ৰৰ্দশন কৰে ৷ উল্লেখ্য যে বিজেপিৰ চৰকাৰে ৰাইজক দিয়া যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আজিকোপতি অকনো পালন নকৰিলে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ৷ইফালে প্ৰধানমন্ত্ৰীৰে ধেমাজিলৈ অহাৰ বিষয়ে সংগঠনটোৰে প্ৰতিবাদৰ স্থলীৰ পৰাই তীব্ৰ বিৰোধিতা কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…