“মানুহে মানুহৰ বাবে”ক বিশ্বৰ মানৱ সমাজৰ গীতৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব অসম চৰকাৰে…

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীৰ সমন্বয় ক্ষেত্রত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বুধবাৰে পু্ৱাই অংশগ্ৰহণ কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সমাধিথলীতেই মুখ্যমন্ত্ৰীৰ মন্তব্য, “মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰ সম্পদ নহয় ৷ ই সমগ্ৰ মানৱ জাতিৰ সম্পদ । সুধাকণ্ঠৰ এই গীতটি সমগ্ৰ মানৱ সমাজৰ গীত হিচাপে যাতে স্বীকৃতি পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে । আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছো যে “মানুহে মানুহৰ বাবে…” গীতটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে ৷ অসম চৰকাৰে এই দিশত কিছু কাম-কাজ আগবঢ়াইছে । মই বিশ্বাস কৰো আজি নহ’লেও কাইলৈ ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীতৰূপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ’ম ৷”

Related Articles