বোকাখাতৰ কাজিৰঙাৰ গেলেকী এন আৰ এল পেট্ৰল পাম্পৰ সমীপত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে আন ছয়জন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন মাৰুটি ৮০০ আৰু টাটা চুম’ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত দুয়োখন বাহনৰে সাতজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ পাছত চুচৰি গৈ বিদ্যুৎ পৰিবাহী এটা ট্ৰেন্সফৰ্মাৰত প্ৰচণ্ড খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত ট্ৰেন্সফৰ্মাৰটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ ফলত পুৱা পৰ্যন্ত অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে ৷ গুৱাহাটীৰ দিশৰ পৰা গৈ থকা এ এচ ০৩ বিচি ৬৬২০ নম্বৰৰ টাটা চুমখনত আছিল বহুকেইজন চি আই এচ এফৰ জোৱান ৷ আনহাতে গুৱাহাটীৰ দিশলৈ আহি থকা এন এল ০২ চি ৩৫৭০ নম্বৰৰ মাৰুতী গাড়ীখনত আছিল সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ চাৰিজন কৰ্মী ৷ দুৰ্ঘটনাত চি আই এচ এফৰ গাড়ী চালক জীতেন মাল, জোৱান সঞ্জীৱ মৰাং আৰু আমাল নামৰ তিনি জোৱান আহত হোৱাৰ বিপৰীতে মাৰুটি ৮০০ খনত থকা ছাত্ৰ সংগঠনটোৰ বিকোদৰ কিচকু, সুৰজ বাস্কে, জ্ঞানদ্বীপ চাওতাল আৰু মিণ্টু হাজদাও গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু অতি গুৰুতৰভাৱে আহত জ্ঞানদ্বীপ চাওতাল যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ জানিব পৰা মতে অহা ১২, ১৩ আৰু ১৪ মাৰ্চত সৰুপথাৰত সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ হ’ব লগা ৰাজ্যিক অধিৱেশনৰ কামত ব্যস্ত থকা গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্য কেইগৰাকীয়ে সংগঠনৰ কামত নগাঁও দিশে গৈ থকা অৱস্থাতেই কাজিৰঙাৰ গেলেকীত এই শোকাৱহ দুৰ্ঘটনাতো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত নিহত হোৱা জ্ঞানদ্বীপ চাওতালৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…