Breaking

বাক্সাত নাবাৰ্ডৰ উদ্যোগত বৃহৎ ঋণ মেলা : ৭৭৫ টা আত্ম সহায়ক গোটলৈ ২৪ কোটি টকাৰ ঋণ প্ৰদান

0 2,070

দীপাংকৰ বৰুৱা,মুছলপুৰ,২২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নাবাৰ্ডৰ উদ্যোগত, বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা প্ৰশাসনৰ সহযোগত আজি অনুষ্ঠিত হয় এখন জিলা ভিত্তিক বৃহৎ ঋণ মেলা ৷ আত্ম সহায়ক গোট আৰু কৃষকৰ জীৱিকা তথা আত্মনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই ঋণ মেলা উদ্বোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷ উপায়ুক্ত গৰাকীয়ে দিয়া উদ্বোধনী ভাষণত গ্ৰামীণ মহিলাসকলৰ এনে প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে মহিলা সকলে আত্মসহায়ক গোটৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰো বুনিয়াদ শক্তিশালী কৰি তুলিব পাৰে ৷ সভাত উপায়ুক্ত শৰ্মাই উপস্থিত বেংক বিষয়া সকলক গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰিবলৈও আহ্বান জনায় ৷ নাবাৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক শিৱ শংকৰ সাহাই আত্মসহায়ক গোটসমূহৰ অপৰিসীম গুৰুত্বৰ কথা উল্লেখ কৰি বিভিন্ন কৃষিভিত্তিক, পশুপালন, থলুৱা খাদ্য, বস্ত্ৰ উদ্যোগ আদি স্থাপনেৰে আত্মসহায়ক গোটসমূহ আত্মনিৰ্ভৰশীল হৈ ৰাজ্যৰ লগতে দেশখনক উত্তৰণৰ বাট দেখুৱাবলৈ আহ্বান জনায়। আজিৰ এই ঋণ মেলাত জিলাখনৰ মুঠ ৭৭৫ টা আত্মসহায়ক গোটৰ মাজত ২৪ কোটি ৩৯ লাখ ৪০ হাজাৰ টকাৰ ঋণ পত্ৰ বিতৰণ কৰা হয় ৷ অসম গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলাৰ প্ৰকল্প বিষয়া বিচিত্ৰ বীৰ্য নাৰ্জাৰীয়ে আতঁধৰা সভাখনত এছবিআইৰ আঞ্চলিক পৰিচালক সুৰভী ভট্টাচাৰ্য, অসম গ্ৰামীন বিকাশ বেংকৰ মুখ্য প্ৰবন্ধক সুধাংশু পাত্ৰ, অসম গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প বিষয়া দীপাংকৰ বৰুৱা, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আঞ্চলিক উপ-প্ৰৱন্ধক বি বি ঝা, নাবাৰ্ডৰ জিলা উন্নয়ণ বিষয়া দেৱজ্যোতি বিশ্বাস, জিলা গ্ৰামীণ অভিকৰণ আঁচনিৰ প্ৰকল্প সঞ্চালক ৰবীন্দ্ৰ মুছাহাৰী উপস্থিত থাকে। বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া গৰাকীয়ে জনোৱা মতে, বাক্সা জিলাত এতিয়ালৈকে ১৩,৩৯৪ টা গ্ৰামীণ মহিলা আত্মসহায়ক গোট গঠন হৈছে। তেওঁলোকৰ কেবাটাও গোটক ইতিমধ্যে অসম চৰকাৰৰ আৱৰ্ত পুঁজি আৰু কনকলতা মহিলা সৱলীকৰণ যোজনাৰ জৰিয়তেও অৰ্থ সাহায্য প্ৰদান কৰা হৈছে । তদুপৰি বিভিন্ন বেঙ্কৰ জৰিয়তে গোট সমূহক ঋণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আজিৰ এই ঋণ মেলাত বিভিন্ন বেঙ্কৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

Leave A Reply