উমা চেত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ ২৫ লাখ টকাৰ অনুদান ঘোষণা । himanta biswa sarma

Himanta Biswa Sarma । বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গৌৰৱী সদস্যা তথা অসমকন্যা উমা চেত্ৰীৰ বাবে অসম চৰকাৰে আৰ্থিক অনুদান ঘোষণা কৰিছে। দেওবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

কেবিনেটে অনুমোদন দিয়া সিদ্ধান্ত অনুসৰি, অসম চৰকাৰে উমা চেত্ৰীক আগবঢ়াব ২৫ লাখ টকাৰ অনুদান। মুখ্যমন্ত্ৰীয়ে কয়, “আমি কোনোবা এটা দিনা উমাক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ ঘৰলৈ গৈ এই ধনৰাশি আগবঢ়াম।”

উল্লেখযোগ্যভাৱে, পূৰ্বে ৰাজ্য চৰকাৰে উমাক ১০ লাখ টকাৰ অনুদান আগবঢ়াইছিল। আনহাতে, অসম ক্ৰিকেট এছোচিয়েচনে (ACA) দেওবাৰে পুৱা উমা চেত্ৰীক আগবঢ়াইছে ৫১ লাখ টকাৰ চেক

বিশ্বকাপত উমা চেত্ৰীৰ অনন্য সফলতাৰ বাবে ৰাজ্য চৰকাৰে জনাইছে আন্তৰিক অভিনন্দন। মুখ্যমন্ত্ৰীয়ে কয়, “উমা অসমৰ গৌৰৱ। তেওঁ নতুন প্ৰজন্মৰ ক্ৰীড়াপ্ৰেমী কিশোৰ-কিশোৰীসকলৰ বাবে এক অনুপ্ৰেৰণা।”

Related Articles