Maithili Thakur: মই জয়ী হ’লে আলিনগৰ হ’ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা

সলনি হ’ব (Maithili Thakur) বিহাৰৰ ‘আলিনগৰ’ বিধানসভা সমষ্টিৰ নাম। আলিনগৰ সমষ্টিৰ নতুন নাম হ’ব সীতানগৰ। বিধায়িকা হিচাপে নিৰ্বাচিত হ’লেই সমষ্টিৰ নাম সলনিৰ প্ৰতিশ্ৰুতি দিছিল বিহাৰৰ কনিষ্ঠতম বিধায়িকা মৈথিলী ঠাকুৰে। ৬৩ বছৰীয়া RJD ৰ প্ৰাৰ্থী বিনোদ মিশ্ৰক পৰাস্ত কৰি আলিনগৰ সমষ্টিৰ পৰা ২৫ বছৰ বয়সত বিহাৰৰ সৰ্বকনিষ্ঠ বিধায়িকা হিচাপে নিৰ্বাচিত হ’ল মৈথিলী ঠাকুৰ।

এতিয়া জনতাৰ মনত প্ৰশ্ন, বিজয়ৰ পিছত সলনি কৰিব নে আলিনগৰৰ নাম মৈথিলী ঠাকুৰে? বিজেপিৰ প্ৰাৰ্থী তথা কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কয় যে তেওঁ আলিনগৰৰ নাম সীতানগৰলৈ সলনি কৰিব। আলিনগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ২৫ বছৰীয়া কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কম বয়সীয়া বিধায়িকা হোৱাৰ অভিলেখ গঢ়ে। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ আগত ভাষণ দি মৈথিলীয়ে কয়, “এয়া কেৱল মোৰ জয় নহয়, বিহাৰৰ ৰাইজৰ জয়। মহিলাৰ বাবে নীতিশ কুমাৰে ৰূপায়ণ কৰা কল্যাণমূলক আঁচনিসমূহ মোৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ আছিল। বিহাৰৰ জনসাধাৰণে মোডীক ভাল পায় আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতা বিচাৰে। আলিনগৰ নিশ্চিতভাৱে সীতানগৰ হ’ব।”

Related Articles