বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএই অভূতপূৰ্ব সফলতা লাভ কৰিছে। এনে সময়তে অসমৰ লগতে সমগ্ৰ দেশতে গেৰুৱা শিৱিৰত আন্দৰ লহৰ উঠিছে । অসমত বিহাৰৰ নিৰ্বাচনকলৈ সমালোচিত হৈছে কংগ্ৰেছ। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত হঠাৎ অসমত কংগ্ৰেছ নেতাসকলক বৃহৎ আক্ৰমণৰ লক্ষ্য কৰি লয় সামাজিক মাধ্যমত একাংশই। প্ৰাথমিক ফলাফলৰ সময়ত ট্ৰেণ্ড দেখা পোৱাৰ কিছু সময়ৰ পাছতেই সামাজিক মাধ্যমত সুন্দৰকৈ ডিজাইন কৰা মীম, পষ্টাৰ আদি ভৰি পৰে।
বিশ্লেষক সকলে মতে ইমান পৰিকল্পিত ধৰণেৰে আৰু বৃহৎ আক্ৰমণ কৰাসকলক কেতিয়াও সাধাৰণ ব্যক্তি নহয়। এওঁলোক হয়তো বিজেপি আই টি চেলৰ কৰ্মী।বিজেপি আই টি চেলৰ এই বৃহৎ আক্ৰমণৰ বিৰুদ্ধে বহুকেইজন বিৰোধী নেতাই অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ইয়াক অঘোষিত ধৰ্ষণ বুলি ঘোষণা কৰিছে। এক ফেচবুক লাইভত বিহাৰৰ পৰাজয়ৰ পাছত এনেধৰণেৰে অপমানসূচক আক্ৰমণ কৰাৰ বাবে বিজেপি আইটি চেলক কঠোৰ সমালোচনা কৰে।
এই ট্ৰলিং আনকি এনে পৰ্যায় পাইছেগৈ যে বহু নেতাৰ ব্যক্তিগত জীৱনৰ কথাও সামাজিক মাধ্যমত ৰাজনীতিৰ সৈতে সংযুক্ত কৰা হৈছে।
আনকি দেৱব্ৰত শইকীয়া আৰু ৰূপা কলিতা আদিকো এইকেইদিন বিজেপি আই টি চেলৰ সমলোচনা কৰা দেখা গৈছে।অৱশ্যে যদি এটা সঁচাকৈ আইটি চেল হয় তেন্তে তেওঁলোক নেৰেটিভ নিৰ্মাণত সফল হৈছে আৰু বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে লক্ষ্যণীয় হব।

