“বিহাৰৰ নিৰ্বাচনী (Badruddin Ajmal) ফলাফলৰ পিছত কংগ্রেছে শিক্ষা ল’ব লাগে । অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে । অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে মহাজোঁট হ’ব লাগে ।” এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ । অসুস্থতাৰ বাবে সুদীৰ্ঘ দিন মুম্বাইত থকাৰ পিছত অসমলৈ অহা এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে শনিবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে কয়,”বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । নহ’লে পুনৰ ৫ বছৰলৈ বিজেপি আহিব । বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্রেছৰ ষ্ট্ৰেটেজী ভুল আছিল । তেজস্বী যাদৱে বিগত পাঁচ বছৰ বহুত কষ্ট কৰিছে । দৈনিক ১৮ খনকৈ সভা কৰিছে । যাৰ লগত হাত মিলালে তেওঁলোকে কি কৰিলে । আনহাতে প্ৰধানমন্ত্রী হৈ নৰেন্দ্ৰ মোদীয়ে ৫০ ৰো অধিক প্ৰ’গ্ৰেম কৰিছে । তেজস্বী যাদৱে অকলে কিমান কৰিব । মহাগঠবন্ধনৰ নেতাসকলে পাঁচ বা ছয়খন সভা কৰিছে ।”ই ভি এমৰ প্ৰসংগত তেওঁ কয়, “এইটো থাকিবই ।

ই ভি এমক দোষাৰোপ কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছে। নিৰ্বাচনত হাৰিলে আমি এইটো কও আৰু জিকিলে নকও ।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগত তেওঁ কয়, “ৰাহুল গান্ধীক সমালোচনা নকৰো । তেওঁ এজন সন্মানীয় নেতা আৰু লোকসভাৰ বিৰোধী দলপতি । তেওঁলোকৰ সন্মূখত আমি সৰু মানুহ । কংগ্রেছৰ বাবে আমি দোৱা কৰিম ভাল হওঁক ।”আনহাতে, তেখেতে আৰু কয়, “মহাগঠবন্ধনত আমি আৰম্ভনীৰ পৰা আছিলো; কিন্তু পিছত আমাক নমতা হ’ল। আমাৰ কি দোষ আছিল প্ৰথমে জনা নাছিলো, পিছতহে গম পালোঁ দাঢ়ি-টুপী থকা মানুহ ষ্টেজত উঠিব নিদিয়ে । যাৰ বাবে আমাক আউট কৰি দিছে । আছাউদ্দিন ওৱেছিৱে মাথা মাৰিছে । আছাউদ্দিন ওৱেছি আজিকালি কোনো ক’মিউনেল ফিগাৰ নহয় । কংগ্ৰেছৰ দৰে এটা দলৰ এতিয়া ওৱেছিৰ লগত টক্কৰ হৈছে ।” এইদৰে ক’লে আজমলে ।
উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, “এইবাৰ আমাৰ আশা আছে । বিশেষকৈ বিহাৰৰ ফলাফলৰ পাছত আমি বেছি আশাবাদী হৈছো । আমি কংগ্ৰেছতকৈ বেছি ভাল কৰিম । মোৰ গা ভাল যদিও বিধানসভা নিৰ্বাচনৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয় । ধুবুৰীৰ পৰা ইমান ডাঙৰ নিৰ্বাচন এটা হাৰিলো । আকৌ নিৰ্বাচন খেলাৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয়; কিন্তু আমাৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ কৰিম । আমি সুখী আছো আমাৰ ঠাইত । আমি একলা চলো নীতিত বিশ্বাস কৰো আৰু সেইমতে চলিম । যদি কোনোৱে আমাৰ সৈতে মিত্ৰতা বিচাৰে তেন্তে কথা পাতিম । বিজেপিক আঁতৰাব ইচ্ছা থাকিলে অসমত মহাজোঁটবন্ধন হ’ব লাগে । অসমৰ স্বাৰ্থত লাগে বুলি মন্তব্য কৰি আজমলে কয়, “বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল’ব লাগে । বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । সকলোৱে মিলি বিচাৰিলেহে হ’ব, আমি অকলে বিচাৰিলে নহ’ব ।”

