কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

আজি কোকৰাঝাৰৰ ডিমলগাঁওস্থিত কোকৰাঝাৰ তাৰকাগৃহৰ সভাকক্ষত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছন তথা কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সফলভাৱে পালন কৰা হয়। অনুষ্ঠানত আদৰণী ভাষণ ৰাখে বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰে। অনিবাৰ্য কাৰণবশতঃ বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটো পাঠ কৰা হয়। তেওঁ ভাষণত উল্লেখ কৰে, “বিটিচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো শক্তিশালী ৰূপত আছে। এই অবিচল প্ৰতিশ্ৰুতিৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। দিনে দিনে আপোনালোকে আশাৰ বতৰা কঢ়িয়াই আনে, প্ৰত্যাহ্বানসমূহক তুলি ধৰে, প্ৰকাশ নোহোৱা কণ্ঠস্বৰসমূহক মুখৰিত কৰে, আৰু ব্যৱস্থাসমূহক জবাবদিহি কৰে। বিটিচিৰ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলটোত উন্নয়নৰ পথ উজ্জ্বল কৰাত সংবাদ মাধ্যমে মূল ভূমিকা গ্ৰহণ কৰিছে।” আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশদীপো উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটোও পাঠ কৰা হয়, য’ত তেওঁ “সংবাদ মাধ্যমে চৰকাৰ আৰু ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰি আহিছে, যাৰ ফলত আমাৰ সমগ্ৰ অঞ্চলটোত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত হৈছে।”― বুলি বিশেষভাৱে উল্লেখ কৰে। সন্মানীয় অতিথি হিচাপে দূৰদৰ্শনৰ আঞ্চলিক বাতৰি শাখাৰ যুটীয়া সঞ্চালক তথা মুখ্য বিষয়া অংকুৰ লাহতীয়ে অংশগ্ৰহণ কৰে। “সাংবাদিকতাত বিশ্বাসযোগ্যতা নাথাকিলে, সকলো ফালৰ পৰাই একো নাথাকে” বুলি উল্লেখ কৰি “কোকৰাঝাৰ এখনি শান্তিৰ ঠাই। এইক্ষেত্ৰত ইয়াত সংবাদ মাধ্যমৰ ভূমিকা অথবা অৱদান যথেষ্ট।”― বুলি উল্লেখ কৰে।

তেওঁ দূৰদৰ্শন তথা সামাজিক মাধ্যমৰ অৱদান আৰু ফেক্ নিউজৰ বিপৰীতে সত্য সংবাদ পৰিৱেশনত গুৰুত্ব দিবলৈ সাংবাদিকসকলক আহ্বান জনায়। বিটিচিৰ কাৰ্যবাহী সদস্য তথা আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি দেৰহাছাত বসুমতাৰীয়ে তেওঁৰ চমু তথা গুৰুত্বপূৰ্ণ ভাষণত সাংবাদিকৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। ব‌ঙাইগাঁও ৰিফাইনেৰীৰ জেনেৰেল মেনেজাৰ মুসুখা বড়োৱে “উত্তৰদায়ী যোগাযোগ আৰু মানুহৰ মূল্যবোধ প্ৰতিষ্ঠান গণমাধ্যম আৰু সমাজৰ মাজত আস্থা গঠন” শীৰ্ষক বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এইবাৰৰ প্ৰেছ ডে’ৰ থীম হৈছে, “Safeguarding Press Credibility Amidst Rising Misinformation.” অৰ্থাৎ “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান।” এই বিষয়বস্তুৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই “দ্য আছাম ট্ৰিবিউন”-ৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰীয়ে কয়, “মানুহক ভুল খবৰ দিয়াত আমাৰ কোনো অধিকাৰ নাই।” তেওঁ কেইগৰাকীমান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে দিয়ে। ৰাজনৈতিক ব্যক্তি সন্দৰ্ভত এগৰাকী সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যদি আপুনি সৎ হৈ থাকে, আৰু ৰাজনৈতিক ব্যক্তিগৰাকীৰ পৰা যদি কোনো ব্যক্তিগত সহায় লোৱা নাই, তেওঁ আপোনাক অলপ হ’লেও সমীহ কৰি চলিব।” অনুষ্ঠানত বিটিচিৰ ৫গৰাকী জ্যেষ্ঠ সাংবাদিক― জাইক্লং ব্ৰহ্ম (কোকৰাঝাৰ), মোস্তাফা হুছেইন আনছাৰী (কোকৰাঝাৰ), নিৰেন কুমাৰ শৰ্মা (বাক্সা), প্ৰসাদ দাস (তামুলপুৰ) আৰু সুনীল কুমাৰ শৰ্মা (চিৰাং)-ক সম্বৰ্ধনা জনায়।

তাৰ সমান্তৰালভাৱে দুগৰাকী বাতৰি কাকতৰ জ্যেষ্ঠ হ’কাৰৰ ভিতৰত গোপী ৰাজভৰক সম্বৰ্ধনা জনোৱা হয় আৰু আনগৰাকী হকাৰ লোকেশ দেৱনাথৰ অনুপস্থিতিত বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীয়ে তেওঁৰ সম্বৰ্ধনা গ্ৰহণ কৰে। আনহাতে সম্বৰ্ধনা জনোৱা পাঁচগৰাকী সাংবাদিকৰ মাজৰ পৰা সুনীল কুমাৰ শৰ্মাই ধন্যবাদসূচক বক্তব্য ৰাখে। আনহাতে উপস্থিত ৰাইজৰ মাজৰ পৰা তামুলপুৰ জিলাৰ জ্যেষ্ঠ সা‌ংবাদিক আব্দুল লতিফ চৌধুৰীয়ে সংবাদ সেৱাত পোৱা কিছু তিতা-মিঠা অভিজ্ঞতাৰ কথা সোঁৱৰে। আজিৰ অনুষ্ঠানত বিটিচিৰ জনসংযোগ বিভাগৰ সচিব অশ্বিনী কুমাৰ দলেও উপস্থিত থাকে। বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বক্তব্যৰ পাছত সম্পাদক ৰমেন দাসে শলাগৰ শৰাই আগবঢ়ায়। বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ হৈ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰৰ উদ্যোগত অনুষ্ঠিত আৰু জ্যেষ্ঠ সাংবাদিক মলয়া ডেকাই আঁতধৰা আজিৰ অনুষ্ঠানত বিটিচিৰ পাঁচোখন জিলাৰ ১৪৬গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

Related Articles