ৰক্তদানৰ দৰে পবিত্ৰ আৰু মহৎ কাৰ্যসূচীৰে জুবিন গাৰ্গলৈ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটো অধিক স্মৰণীয় কৰি ৰাজ্যিক বিজেপিয়ে ‘জীৱন সুৰভি’ নামেৰে ৰাজ্যখনৰ ৫৩ স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয়ৰ শিবিৰ অনুষ্ঠিত কৰি প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি অর্পন কৰে। এই উপলক্ষে খানাপাৰাত আয়োজন কৰা কেন্দ্ৰীয় ৰক্তদান শিবিৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী অশোক সিংঘল আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰণ্য ব্যক্তিত্ব অভিনেতা প্রাঞ্জল শইকীয়াই। এই শিবিৰ উদ্বোধন কৰি সভাপতি দিলীপ শইকীয়াই কয় যে, জুবিন গাৰ্গ কেৱল এগৰাকী গীতিকাৰ, শিল্পী, অভিনেতা, কবি, লেখক অথবা চিত্র নির্মাতাই নাছিল, তেওঁ আছিল মানবীয় অনুভূতিৰে পৰিপূৰ্ণ এগৰাকী মহান অসমপ্রেমী।

শিল্পীগৰাকীৰ সাংস্কৃতিক সৃষ্টিৰাজীক জীয়াই ৰখাটো যেনেদৰে অসমৰ শিল্পীসমাজ বা উদীয়মান শিল্পী প্রতিভাৰ দায়িত্ব তেনেদৰে অসমপ্রেমী জুবিন গাৰ্গৰ জীৱনবোধ আৰু মানৱীয় কৰ্মৰাজীক জীয়াই ৰখাটো প্ৰতিগৰাকী অসমীয়া আৰু অনুৰাগীৰ মহান কর্তব্য আৰু দায়িত্ব। সাংস্কৃতিক কৰ্মৰাজীৰ উপৰিও সামাজিক ক্ষেত্ৰত তেওঁৰ অৱদান সমূহৰ মূল্যায়ন আৰু সেই কৰ্মৰাজীক আগুৱাই নিব পাৰিলেহে শিল্পীগৰাকীৰ প্রতি প্রকৃত শ্রদ্ধা জ্ঞাপন কৰা হ’ব।

সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তেওঁলোকৰ শোকাভিভূত পৰিয়াল-পৰিজনলৈ আজি পুনৰ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইফালে লণ্ডনৰ পৰা উভতি আহিয়েই বিয়লিৰ ভাগত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মায়ো খানাপাৰাৰ শিবিৰত ৰক্তদান কৰাৰ পিছত মন্তব্য কৰে যে, জীৱিত কালত জুবিন গার্গে নিজৰ গাঁঠিৰ ধন খৰচ কৰি চিনাকি-অচিনাকি হাজাৰজন দুর্গত লোকলৈ সহায়ৰ হাত আগবঢ়াই গভীৰ মানৱতাবোধৰ পৰিচয় দাঙি ধৰিছিল। শিল্পীগৰাকীৰ তেনে মানবীয় প্রমূল্যৰ প্রতি শ্রদ্ধা জনায়েই আজি সমগ্র ৰাজ্যৰ ৫৩ স্থানত ৰাজ্যিক বিজেপিয়ে অগপ, ইউপিপিএল, বিপিএফ আদি এনডিএ ৰ অন্তৰ্ভূক্ত দলৰ সহযোগত ‘জীৱন সুৰভি’ নামেৰে এই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে, যাৰ দ্বাৰা হেজাৰ আৰ্তজনক সহায় আগবঢ়াব পৰা যাব। আনহাতে, ৰাজ্যিক বিজেপিৰ অনুৰোধত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰক্তদান শিবিৰ সমূহ সুকলমে অনুষ্ঠিত কৰাত আগবঢ়োৱা আন্তৰিকতাপূর্ণ সহযোগিতাৰ বাবে সভাপতি শইকীয়াই মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যতে আজি কেইবাগৰাকীও মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ কেইবা সহস্রাধিক কাৰ্যকৰ্তাই ৰক্তদানেৰে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ ৰক্তদান কাৰ্যসূচীৰ দ্বাৰা প্রায় ৫,৩০০ ইউনিট ৰক্ত সংগ্ৰহ কৰি বিভিন্ন চিকিৎসালয়ৰ ৰক্ত ভঁৰাললৈ প্ৰেৰণ কৰা হৈছে যিটো অন্য এক অভিলেখ হিচাপে পৰিগণিত হৈছে।

Related Articles