Badruddin Ajmal: নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমলঃ কাৰাগাৰৰ সন্মুখত আজমল জিন্দাবাদ, আমিনুল জিন্দাবাদ ধ্বনি

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমল।(Badruddin Ajmal)

বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰে বদৰুদ্দিন আজমলে।

কাৰাগাৰৰ সন্মুখতে আমিনুল ইছলামৰ সমৰ্থকে আজমল জিন্দাবাদ, আমিনুল জিন্দাবাদ ধ্বনি দিয়ে।

আমিনুল ইছলামক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী তুলে এআইউডিএফৰ সমৰ্থকে।

ইপিনে সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বদৰুদ্দিন আজমলে কয় অসমত ৪০ শতাংশ মুছলমান আছে।

আমি সহায় নকৰিলে কোনেও নিৰ্বাচনত জিকিব নোৱাৰে।

অখিল গগৈ বিজেপিৰ মানুহ বুলিও মন্তব্য আজমলৰ।

গৌৰৱ গগৈ, ৰকিবুল হুছেইন বিজেপিৰ বাবে ১০৮।

গৌৰৱ গগৈয়ে অসমৰ কথা একো নাজানে।

আমাৰ টাৰ্গেট বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা।

আমিনুল ইছলামে জেলৰ পৰাই নিৰ্বাচন খেলিব।

জেলত থাকি বহু বিধায়ক হৈছে।

হাৰিয়ানা-মহাৰাষ্ট্ৰত জেলত থাকি বহু বিধায়ক হৈছে।

কংগ্ৰেছে বিচাৰিছে আমিনুল জেলত থকাটো।

২৬ত অসমত এআইডিএফে অকলেই নিৰ্বাচন খেলিব বুলিও আজমলে মন্তব্য কৰে।

লগতে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও উল্লেখ কৰে আজমলে।

আনহাতে ওৱেছি সম্পৰ্কত আজমলে কয় ওৱেছিক অসমলৈ আমি স্বাগতম জনাইছো।

২ ডিচেম্বৰত আমাৰ সজাতী দলে ওৱেচিক লগ পাব।

Related Articles