Tezpur News: আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী

আন্তৰাষ্ট্ৰীয় (Tezpur News) পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী। হাৰিয়ানাৰ কৰ্নালত অনুষ্টিত হোৱা ষষ্ঠ যোগাসন ক্ৰিয়া বিশ্বকাপ ২০২৫ ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহন কৰি মৃত্তিকাই বঞ্জৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

যোগ ক্ৰিয়া ফেডাৰেচন অফ ইণ্ডিয়াই আয়োজন কৰা এই আন্তৰাষ্ট্ৰীয় ক্ৰিয়া প্ৰতিযোগিতা খনৰ চাবজুনিয়ৰ শাখাৰ পৰমপৰাগত যোগ ক্ৰিয়াৰ একক শিতানত প্ৰতিদ্বণ্ডিতা কৰি সুনাম কঢ়িয়াই আনে মৃত্তিকা মেৰুৱে।

ভাৰত বৰ্ষকে ধৰি জাপান ,ইৰান, ভিয়েটনাম, হংকঙ ,থাইলেণ্ড, ফিনলেণ্ড,ৰাছিয়া,আদি কেইবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহন কৰা টুৰ্নামেন্তখনৰ মৃত্তিকাৰ এই সাফল্যত স্বাভিৱেকতে উৎফুল্লিত হৈ পৰিছে তেজপুৰবাসী তথা ৰাজ্যবাসী। উল্লেখ্য যে তেজপুৰত শলমাৰা অৱষ্ঠিত কেন্দ্ৰিয় বিদ্যালয়-১-ৰ দ্বিত্বীয় শ্ৰেণীৰ ছাত্ৰী মৃত্তিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ প্ৰশিক্ষন আৰু অনুশিলন অব্যাহত ৰাখিছে।

তেজপুৰ উষানগৰ নিবাসী সাংবাদিক মেৰু মিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ কন্যা তথা শিক্ষাবিদ অতুল চন্দ্ৰ কটকীৰ নাতিনী মৃত্তিকাৰ সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা তেজপুৰ জিলা ক্ৰিয়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ আৰু শোণিতপুৰ জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী মৃদুষ্মিতা হাজৰিকা ডেকাকে ধৰি বিবিন্ন ব্যক্তি দল -সংগঠনে অভিনন্দন যনায়। উল্লেক্ষ্য যে, অহা বৰ্ষত এই প্ৰতিযোগিতাখনি ভিয়েটনাম ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

Related Articles