Akil Gogi । মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ৰণডংকা বজাই উঠাৰ মাজতেই অসমৰ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰ ৰাজনৈতিক সচলতা বৃদ্ধি কৰিছে। বুধবাৰে গগৈয়ে মুম্বাইত এন চি পিৰ দুজন শীৰ্ষ নেতা শাৰদ পাৱাৰ আৰু সাংসদ সুপ্ৰিয়া ছুলেক সৈতে সাক্ষাৎ কৰি এক দীঘলীয়া বৈঠকত অংশ লয়ে।
নতুন দিল্লীত আপ নেতা অৰবিন্দ কেজৰিৱালৰ সৈতে সাক্ষাৎ কৰাৰ তিনিদিন পিছতেই শাৰদ পাৱাৰক লগ ধৰাটোৱে বিশেষ রাজনৈতিক তাৎপৰ্য বহন কৰে বুলি বিশ্লেষকৰ অভিমত। অখিল গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে এই বৈঠকত দেশত বিজেপিয়ে চলাই থকা “সাম্প্ৰদায়িক ফেচিবাদ”, কৃষি ব্যৱস্থাৰ সংকট, ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা আৰু কৃষক সমস্যা আদি বিষয়ত বিস্তৃত আলোচনা হয়। পাৱাৰে মহাৰাষ্ট্ৰৰ বাৰামতিত কৃষি উন্নয়নৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

ইদিকে অখিল গগৈৰ মুম্বাই ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা উত্থাপন কৰিছে। জুবিন গাৰ্গৰ জন্মদিনৰ দিনা—যি দিনটোত ছেলিব্ৰেটিৰ ন্যায়ৰ দাবীত বহুয়ে আগবাঢ়িছিল—অখিল গগৈ অসমতে অনুপস্থিত থকাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে প্ৰশ্নবিদ্ধ কৰিছে।
মুখ্যমন্ত্ৰীৰ মন্তব্য—
“কালি জুবিনৰ জন্মদিনত অখিল গগৈক অসমত কোনোৱে দেখা নাই। অখিল গগৈ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি থাকিল। আমি লণ্ডনৰ পৰা আইতেহে কষ্ট কৰি আহিলোঁ। বিজেপিৰ সদস্যসকলে কালি তেজ দিছে। ‘Justice for Zubeen’ বুলি চিঞৰা সকলে কালি কি কৰিলে?”
সেইসাথে ১০ ডিচেম্বৰ পৰেই “মুখৰ মাত বন্ধ হৈ যাব” বুলি মুখ্যমন্ত্ৰীৰ গুঢ় মন্তব্যৰ পিছত নতুন ৰাজনৈতিক উত্তাপ সৃষ্টি হৈছে।
অখিল গগৈৰ এই শাৰদ পাৱাৰ সাক্ষাৎ আৰু মুখ্যমন্ত্ৰীৰ কটাক্ষ—দুয়োটা ঘটনাই ২০২৬ৰ নিৰ্বাচনৰ আগত অসমৰ ৰাজনৈতিক সমীকৰণ অধিক চঞ্চল কৰি তুলিছে।

