বড়ো শান্তি চুক্তি, ২০২০ৰ অধীনত মূল প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবে সংযুক্ত বড়ো পিপলছ অৰ্গেনাইজেচন (ইউ বি পি অ’) আৰু প্ৰাক্তন এন ডি এফ বি ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সহযোগত সদৌ বড়ো ছাত্ৰ সন্থাই নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সমগ্ৰ উত্তৰ পূবৰ দহখন ষষ্ঠ অনুসূচীৰ পৰিষদৰ নেতাসকলে অংশগ্ৰহণ কৰা কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অন্তত আজি সংগঠনসমূহে যন্তৰ মন্তৰত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে দীৰ্ঘদিনীয়া ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিধেয়কখনে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা শক্তিশালী কৰিব বিচাৰে। এবছুৰ সভাপতি দিপেন বড়োৱে কয়,’২০২০ চনৰ বড়ো চুক্তিয়ে বড়োলেণ্ড অঞ্চললৈ শান্তি আৰু স্থিতিশীলতাৰ নতুন দিশৰ সূচনা কৰিলে, কিন্তু শান্তিৰ সমৰ্থন কাৰ্য্যৰ দ্বাৰা হ’ব লাগিব, কথাৰ ফুলজাৰিৰে নহয়।পাঁচ বছৰ ধৰি আমি ধৈৰ্য্য আৰু বিশ্বাসেৰে অপেক্ষা কৰি আছো, তথাপিও চুক্তিখনৰ কেইবাটাও মূল দফা অস্পৃশ্য হৈয়েই আছে। আমি লগতে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু এবছুৰ মাজত তৎকালীন ত্ৰিপাক্ষিক আলোচনাৰ বাবে দাবী জনাইছো যাতে বাকী থকা সকলোবোৰ দফা পুনৰীক্ষণ আৰু কাৰ্যকৰীকৰণৰ কাম দ্ৰুতগতিত কৰা হওক । যদি ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ সময়মতে পূৰণ নহয়, তেন্তে চুক্তিখনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হয়। বড়ো জনসাধাৰণে প্ৰতিশ্ৰুতি হিচাপে নিজৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰি আহিছে, আমি এতিয়া আশা কৰিছো যে চৰকাৰে তেওঁলোকৰ দায়িত্ব আন্তৰিকতা, দায়বদ্ধতা আৰু সন্মানেৰে পালন কৰিব লাগিব।” ২০২০ চনত ঐতিহাসিক বডো চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত বডোলেণ্ড অঞ্চলত শান্তি পুনৰুদ্ধাৰ হোৱাৰ পিছতো চুক্তিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা কাৰ্যকৰী হোৱা নাই। বিগত পাঁচ বছৰত সংগঠন সমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ১২খনতকৈও অধিক ত্ৰিপাক্ষিক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰিছে আৰু একাধিকবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে। কিন্তু অগ্ৰগতি লেহেমীয়া হৈছে, যাৰ ফলত চুক্তিবদ্ধ সময়সীমাৰ ভিতৰত চুক্তিখন পূৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক লৈ উদ্বেগ প্ৰকাশ পাইছে। আজিৰ ধৰ্ণা কাৰ্যসূচীত গণতান্ত্ৰিক আন্দোলনক তীব্ৰতৰ কৰিবলৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত কোকৰাঝাৰত প্ৰায় ২ লাখ লোকৰ অংশগ্ৰহণৰ সংকল্প লৈ সংগঠনসমূহে গণ সমাৱেশৰ কথা ঘোষণা কৰে।
এবছু আৰু স্বাক্ষৰকাৰী সংগঠনসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বড়ো চুক্তি, ২০২০ৰ তলত উল্লেখ কৰা দফাসমূহ ক্ষিপ্ৰতাৰে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।
বিটিচি আৰু অন্যান্য পৰিষদৰ বিত্তীয় স্বায়ত্তশাসন আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ বাবে ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচী সংশোধন কৰি ১২৫ সংখ্যক (সংবিধান) সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰা। জনজাতীয় সংৰক্ষণত কোনো প্ৰভাৱ নপৰাকৈ বিটিচি সমষ্টি ৬০ লৈ বৃদ্ধি কৰা। সাংবিধানিক মৰ্যাদা থকা গাঁও আৰু পৌৰসভা গঠন। বিটিচি চুক্তি ২০০৩ আৰু বিটিআৰ চুক্তি ২০২০ অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাওত থকা বড়ো -কছাৰী লোকক এছটি (পাহাৰীয়া) মৰ্যাদা প্ৰদান কৰা। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক (বিকেডব্লিউএচি) পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বাকী থকা গাঁওসমূহৰ অধিসূচনা আৰু সীমা নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বিটিআৰৰ ভিতৰৰ বিদ্যালয়-মহাবিদ্যালয় আৰু বিটিআৰৰ বাহিৰৰ বডো-মধ্যমীয়া শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰা। শোণিতপুৰ, বিশ্বনাথ আৰু দক্ষিণ বিটিআৰৰ পৰা অতিৰিক্ত জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁওসমূহ অন্তৰ্ভুক্ত কৰা। বন অধিকাৰ আইন, ২০০৬ অনুসৰি জনজাতীয় সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ, বিচাৰাধীন গোচৰ প্ৰত্যাহাৰ আৰু বাকী থকা প্ৰাক্তন এন ডি এফ বি সদস্যসকলক মুকলি কৰি দিয়া, লগতে শ্বহীদ পৰিয়ালৰ বাবে এক্স-গ্ৰেচিয়া প্ৰদান কৰা। কোকৰাঝাৰৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন। কোকৰাঝাৰৰ থুলুংগাপুৰীত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা। সেনা, চি আৰ পি এফ আৰু অসম আৰক্ষীত বড়ো যুৱক-যুৱতীসকলৰ বাবে বিশেষ নিযুক্তি অভিযান। উপেন্দ্ৰনাথ ব্ৰহ্ম কেন্দ্ৰীয় বিশ্ববিদ্যালয় আই জি এন টি ইউ আঞ্চলিক কেম্পাছ, ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, জৈৱিক বিশ্ববিদ্যালয়, এন ই আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ষ্টেডিয়াম, হোটেল আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান, পশু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, উদালগুৰি, বাকছা আৰু চিৰাঙৰ এছ এ আই কেন্দ্ৰ, অতিৰিক্ত নবোদয় বিদ্যালয় আৰু মাজবাট–হলং ঘাইপথকে ধৰি ১৫০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ (বনৰাজা) আদি দাবী সমূহ পূৰণ কৰা।
বড়ো চুক্তি সময়সীমা ৰূপায়ণ আৰু ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবীৰে যন্তৰ মন্তৰত বড়ো সংগঠনৰ ধৰ্ণা

