অসমত নাগৰিকত্ব–সম্পৰ্কীয় নতুন পুনৰীক্ষণ প্ৰক্ৰিয়া এছ আৰ-কলৈ ৰাজ্যজুৰি এতিয়া দ্রুত উত্তেজনা বৃদ্ধি পাইছে। এই পৰিবর্তিত ৰাজনৈতিক পৰিৱেশতেই অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অভিজিৎ মজুমদাৰে অভিযোগ উত্থাপন কৰি স্পষ্টকৈ কয়—এন আৰ চি–ৰ সময়ত সৃষ্টি হোৱা বিশৃঙ্খলা আৰু কষ্টৰ পৰিস্ফুটনক পুনৰ আনিবলৈ চেষ্টা কৰা হৈছে।
তেওঁ কয়—এন আৰ চি প্রস্তুত কৰিবলৈ চৰকাৰে খৰচ কৰিছিল প্ৰায় ১,৬০০ কোটি টকা, কিন্তু সেই বিপুল ব্যয়ৰ পিছতো সাধাৰণ লোকে যন্ত্ৰণা ভোগ কৰিছিল। নথিপত্ৰ সংগ্ৰহৰ বাবে মানুহে দূৰ–দূৰনিলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল; বহু পৰিয়াল মানসিক চাপত ভগ্ন হৈছিল। চূড়ান্ত তালিকাত প্ৰায় ১৯ লক্ষ লোকৰ নাম বাদ পৰাত, আৰু বাদ পৰিলোকৰ বৃহৎ অংশ বঙালী হিন্দু হোৱাৰ ঘটনাই সমাজত গভীৰ নেতিবাচক প্ৰভাৱ সৃষ্টি পৰিছিল।
অভিজিৎ মজুমদাৰে মন্তব্য কৰে—এন আৰ চিত কোনো গঠনমূলক ফলাফল নোহোৱাটোৱেই অধিক দুঃখজনক। এতিয়াও মানুহৰ মনত তীব্ৰভাৱে স্মৃতি হৈ থাকিব। নতুনকৈ এছ আৰ–ৰ কথাবাৰ্তা আৰম্ভ হোৱাত লোকমনে স্বাভাৱিকভাবে ভয় আৰু অনিশ্চয়তা পৰিবেশৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে তেখেতে। তেওঁ কয়—বিধানসভা নিৰ্বাচনৰ মাত্ৰ দুই–তিন মাহ আগতেই এছ আৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো সন্দেহজনক। তেওঁ লগতে কয়, দেশৰ বিভিন্ন স্থানত এছ আই আৰ- ৰ প্ৰক্ৰিয়া চলিছে। গতিকে ,আইনগতভাৱে অসমতো সেই ব্যৱস্থা প্ৰয়োগ কৰিব পাৰি। কিন্তু যদি এছ আৰ–ৰ নামত যদি এন আৰ চি–ৰ দৰে অৱস্থা সৃষ্ঠি হোৱাটো কাম্য নহয় বুলি জানিবলৈ দিছে মজুমদাৰে। লগতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, এছ আৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে বঙালী হিন্দুসকলো সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে। এন আৰ চি–ৰ সময়ত বৃহৎ পৰিমাণৰ বঙালী হিন্দুৰ নাম বাদ পোৱাৰ দৰে এছ আৰ -ৰ যোগেদি বহু বঙালী হিন্দুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

