আজি ৯২টা (Imran Shah) বছৰ গৰকি কাইলৈ অসমীয়া ভাষা- সাহিত্যৰ এগৰাকী অন্যতম কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ইমৰান শ্বাহে ভৰি দিব চাৰিকুৰি তেইছটা বছৰত৷ শিৱসাগৰ নগৰৰ ধাইআলিস্থিত পদ্মশ্ৰী ইমৰান শ্বাহৰ বাসভৱনত অনুষ্ঠিত হ’ব লগা তেওঁৰ ৯৩সংখ্যক ওপজা দিনৰ বিশেষ কাৰ্যসূচীত উন্মোচন কৰা হ’ব শ্বাহ ছাৰৰ ৰচনাৱলীৰ চতুৰ্থ আৰু পঞ্চমটি খণ্ড৷ কথাশিল্পী ইমৰান শ্বাহৰ পৰিয়ালবৰ্গ আৰু শিৱসাগৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিব লগা জন্মদিন উদ্যাপন আৰু ৰচনাৱলী উন্মোচনৰ সভাত উপস্থিত থাকিব শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মহাদেৱ পাটগিৰী, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়া, পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰহ্লাদ চন্দ্ৰ তাছা, শিৱসাগৰ কলেজৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ঘন হাজৰিকাৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ জন্মদিন উদ্যাপনৰ পূৰ্বে কথাশিল্পী ইমৰান শ্বাহে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, সকলোকে এনেকৈয়ে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে৷ সাহিত্যিকগৰাকীৰ জীয়াৰী, জোঁৱাই, তেওঁৰ তিনি নাতি- নাতিনী ৰিম, এহচাচ আৰু ৰেয়ানে কাইলৈ উদ্যাপন কৰিব লগা শ্বাহ ছাৰৰ জন্মদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ সম্প্ৰতি এক উখল- মাখল পৰিৱেশ বিৰাজ কৰিছে ধাইআলিস্থিত বাসগৃহ৷ উল্লেখ্য যে, ১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰিছিল ইমৰান শ্বাহে৷
তেওঁৰ পিতৃ মহম্মদ শ্বাহ আৰু মাতৃ মৰিয়ম নিচা৷ ধাইআলিৰ ২নং প্ৰাথমিক বিদালয়ত শিক্ষা জীৱনৰ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুল, কটন কলেজ, শিৱসাগৰ কলেজ আদিত উচ্ছশিক্ষা সম্পন্ন কৰে৷ নৱম শ্ৰেণীত থাকোতেই ১৯৫১ চনত প্ৰকাশ পায় তেওঁৰ প্ৰথম কাব্য সংকলন ‘বনবাসী’৷ ৰামধেনু যুগৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ ইমৰান শ্বাহৰ ইতিমধ্যে জ্জ্বখন গল্প সংকলন, ১০খন উপন্যাস, ২খন প্ৰবন্ধ সংকলন, এখন জীৱনী, ৩খন অনূদিত গল্প আৰু কেইবাখনো সম্পাদিত গল্প সংকলন, তিনিখন কাব্য সংকলন আৰু ৰখন গীতৰ গ্ৰন্থ প্ৰকাশ পাইছে৷ ২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰা শ্বাহে তেওঁৰ সুকীয়া গদ্য ৰীতি আৰু সাহিত্য কৰ্মৰ বাবে সন্মানীয় অসম উপত্যকা বঁটাৰ লগতে আজানপীৰ বঁটা লাভ কৰিছে৷ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা বৰেণ্য সাহিত্যিকগৰাকীৰ কাইলৈ ৯৩ সংখ্যক ওপজা দিন উদ্যাপন কৰিবলৈ লোৱা অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিয়ালবৰ্গই৷

