২৩ নৱেম্বৰৰ (Kailash Sharma)পৰা কেৰেলাৰ ”আলাফুজা (এল্পপি)” ৰ ” পেগোডা ৰিজৰ্টৰ” সভাকক্ষত পাৱাৰ লিফটিং ইণ্ডিয়া ৰ স্বীকৃতি প্ৰাপ্ত ২০ খনৰো অধিক ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাষ্ট্ৰীয় সভাপতি সতীশ কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম শক্তি উত্তোলন সন্থাৰ মুখ্য কাৰিকৰী সঞ্চালক তথা পাৱাৰ লিফটিং ইণ্ডিয়াৰ বৰ্তমানৰ উপসভাপতি পদত অধিষ্ঠিত হৈ থকা আন্তৰ্জাতিক খ্যাতি সম্পন্ন ক্ৰীড়াবিদ সংগঠক কৈলাশ শৰ্মা পুনৰ উপসভাপতি পদলৈ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছে।
উক্ত সভাত অসম শক্তি উত্তোলন সন্থাৰ সভাপতি তথা আন্তজাৰ্তিক খেলুৱৈ ৰাজকুমাৰ দাসক ফেডাৰেছনৰ উন্নয়ন উপসমিতিৰ এগৰাকী সদস্য ৰূপে সভাই মনোনীত কৰে। উল্লেখযোগ্য যে উক্ত ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ কৈলাশ শৰ্মা, ৰাজকুমাৰ দাসৰ উপৰিও ৰাষ্ট্ৰীয় স্মাৰ্ট ৰেফাৰী তথা অসম শক্তি উত্তোলন সন্থাৰ সাধাৰণ সম্পাদক অনুপম শৰ্মাইও অসমৰ প্ৰতিনিধি ৰূপে অংশগ্ৰহণ কৰে।

