হোজাইত নিৰ্বাচন নেখেলে ডা° অৰ্ধেন্দু কুমাৰ দেই !

হোজাই চহৰৰ বিভূতি ভূষণ বিবাহ ভৱনত দেওবাৰে কংগ্ৰেছৰ বুথ কৰ্মী সংকল্প শিবিৰ অনুষ্ঠিত হয়। শিবিৰত অংশ গ্ৰহণ কৰা প্ৰাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনৰ পূৰ্বে লবীকেন্দ্ৰীক ৰাজনীতি চলে যদিও টিকট পোৱাৰ পিছত সকলোৱে মিলি দলৰ কাৰণে কাম কৰিব। আনহাতে ডাঃ দে’ই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বুথ কৰ্মী সংকল্প শিবিৰৰ সভাত মন্তব্য কৰে৷ সংকল্প শিবিৰত এপিচিচিৰ সাধাৰণ সম্পাদক তথা প্রাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে, বুথ সংকল্প শিবিৰৰ প্ৰশিক্ষক তথা ছত্তিশগড়ৰ পৰা অহা ৰাষ্ট্ৰীয় বুথ প্ৰশিক্ষক সুশিল শৰ্মা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। শিবিৰত হোজাই সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ক্ৰমে দেৱব্ৰত সাহা, কে কে শৰ্মা, অনিৰুদ্ধ দে, সুপ্ৰতিম ক’ৰ, শংকৰ মালাকাৰ, জিলি চৌধুৰী আৰু প্রদেশ কংগ্ৰেছৰ চিত্ত পাল উপস্থিত থকাৰ ওপৰিও হোজাই জিলাৰ অনান্য নেতা কৰ্মী সকল ওপস্থিত থাকে।

Related Articles