Aminul Islam: বিধায়ক আমিনুল ইছলাম জিন্দাবাদ ধ্বনিৰে উত্তাল নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদ

মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম।(Aminul Islam)

৭ মাহৰ অন্তত মুকলি আকাশৰ তললৈ বিধায়ক আমিনুল ইছলাম।

ধিঙৰ বিধায়কগৰাকীক আদৰিবলৈ নগাঁৱৰ ৰাজপথ ভিৰ কৰিলে AIUDFৰ কৰ্মীসকলে।

বিধায়ক আমিনুল ইছলাম NSA গোচৰত কাৰাবন্দী হৈ আছিল।

জে’লৰ পৰা ওলাই প্ৰতিক্ৰিয়া প্ৰকাশ আমিনুল ইছলামৰ।

বিজেপি চৰকাৰক সমালোচনা কৰে AIUDF বিধায়কগৰাকীৰয়ে।

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ দলীয় কৰ্মীয়ে ফুলৰ মালা আৰু গামোচাৰে আদৰণি জনাই বিধায়গৰাকীক।

২১৮ দিন নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা বিধায়ক আমিনুল ইছলাম জেলৰ পৰা ওলাই অহাৰ লগে-লগে শ শ কৰ্মীয়ে আমিনুল ইছলাম জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে জেলৰ চৌহদ।

উল্লেখযোগ্য বিধায়ক আমিনুল ইছলামৰ হৈ উকালতি কৰিছিল গুৱাহাটী হাই কৰ্টৰ অধিবক্তা শান্তনু বৰঠাকুৰে।

গুৱাহাটী উচ্চ ন্যায়লয়ে বিধায়ক আমিনুল ইছলামক জামিন মঞ্জুৰ কৰিছিল।


Related Articles