ভাৰতীয় জনতা(Gaurav Gogoi)পাৰ্টিৰ ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্র মুমিনুল আৱালে কয় যে, বহু বিবাহ নিবাৰণ বিধেয়ক ২০২৫ আইনখনে মহিলাসকলৰ সৱলীকৰণৰ লগতে সামাজিক সুৰক্ষা, মৰ্য্যদা আৰু নাৰী সমাজক ন্যায় প্রদান কৰিব। এই আইনৰ যোগেদি আমাৰ সমাজখনলৈ এক যোগাত্মক সামাজিক পৰিৱৰ্তন আনিব।
২০১৬ চনৰ পৰা অসম বিধানসভাত গৃহীত প্রতিটো সিদ্ধান্তই জাতিটোক শক্তিশালী কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসম বিধানসভাত গৃহীত প্রতিটো সিদ্ধান্তই অসমৰ খিলঞ্জীয়া মানুহৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দৃঢ় আৰু যোগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে। কংগ্ৰেছৰ দিনত বিধানসভাত গ্রহণ কৰা বহু সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়া ৰাইজে সংগবদ্ধ হৈ প্রতিবাদ কৰিবলগীয়া হৈছিল। আজি সেই পৰিৱেশ নাই।
অসমীয়া ৰাইজে বিধানসভাৰ প্রতিটো সিদ্ধান্তক আন্তৰিকতাৰে আদৰণি জনাইছে। মিত্রজোঁটৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সম্পৰ্কত বিৰোধীয়ে এটা বিশেষ শ্রেণীক তোষামোদ কৰাৰ লক্ষৰে প্ৰতিবাদ কৰা দেখা গৈছে। যিটো অসমীয়া জাতিৰ বাবে শুভলক্ষণ নহয় বুলি মুখপাত্র গৰাকীয়ে মন্তব্য কৰে। আগন্তক বিধানসভা নির্বাচনত ভাৰতীয় জনতা পার্টিব মিত্ৰজোঁটৰ প্ৰতি কোনো ৰাজনৈতিক প্রত্যাহ্বান নাই। বিৰোধীয়ে কেৱল ২০ ৰ পৰা ২২ টা বিধানসভা সমষ্টিত তেওঁলোকৰ মহাজোঁটৰ কোনটো দলৰ প্রার্থী হ’ব তাকে লৈ প্রতিদ্বন্দ্বিতাত নামিছে। পৰিৱেশ এনেকুৱা পাইছেগৈ যে, তোষামোদৰ লক্ষৰে কোনোবা গৌৰৱ গেগৈয়ে নিজৰ নামটোকে তৰজমা কৰি ‘গৌৰৱ’ৰ সলনি ‘ফখরুদ্দিন’ কৰি ল’ব।

