AJPত যোগদান কৰিব AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে বহু কেইজনে

ৰাজ্যত নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই গৰম বতাহ বলিবলৈ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও ককালত টঙালি বান্ধি শাসকীয় বিজেপি দলৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ  সৃষ্টি কৰিছে ৷

শেহতীয়া ভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰাৰ খবৰে আঞ্চলিক দলটিৰ মজিয়াত উল্লাসৰ সৃষ্টি কৰিছে । নিশ্চিত ভাবে পলাশ চাংমাইৰ যোগদানে আঞ্চলিক দলটিক অধিক শক্তিশালী কৰি তুলিব বুলি ধাৰনা কৰা হৈছে ৷

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে লুৰিণজ্যোতি গগৈৰ সতে অসম জাতীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে পলাশ চাংমাইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভালে কেইজন নেতাই অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰিব ৷

অসম জাতীয় পৰিষদত যোগদান কৰিবলগীয়া কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা,  কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক ছাবিৰ আহমেদ, বিত্ত সম্পাদক সঞ্জীৱ শৰ্মা আৰু কাৰ্যালয় সম্পাদক প্ৰাঞ্জল দাসৰ নাম চৰ্চালৈ আহিছে ৷

ইপিনে পলাশ চাংমায়ে নিজৰ গৃহ সমষ্টি সোণাৰিৰ পৰা আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে ৷ পলাশ চাংমাইৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ খবৰে সোণাৰী সমষ্টিৰ শাসনাধিস্থ বিজেপি দলৰ টিকট প্ৰত্যাশী সকলৰ মাজত সংশয়ৰ সৃষ্টি কৰিছে ৷ কাৰণ সোণাৰি সনষ্টিত পলাশ চাংমাইৰ যথেষ্ট জনপ্ৰিয়তা আছে ৷ তেনে পৰিপ্ৰেক্ষিতত শাসনাধিস্থ বিজেপি দলৰ বৰ্তমানৰ বিধায়িকা আৰু অন্য প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব । সময়ত স্পষ্ট হ’ব সোণাৰিত পলাশ চাংমাই অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হলে শাসনাধিস্থ বিজেপিৰ ৰণনীতি সমীকৰণ কি হ’ব ৷

ইতিমধ্যে যোগদান কৰিব লগা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটি গুৱাহাটীলৈ ৰাওনা হৈছে ৷ আজি গুৱাহাটীলৈ যাত্ৰাৰ পথত নিশা বোকাখাতত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে দৈনন্দিন বাৰ্তাৰ বিশেষ সংবাদদাতাক এই কথা জানিবলৈ দিয়ে ৷

Related Articles