Tribalization: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ, প্ৰহসন আখ্যা লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়ত (Tribalization) অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদমেল। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ, প্ৰহসন লুৰীণজ্যোতি গগৈৰ। ডিব্ৰুগড় বৃহত্তৰ প্ৰেছক্লাবত আয়োজিত সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্রসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

গগৈৰ অভিযোগ— ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আগতেই সংসদত থলুৱা আছিল, কিন্তু বিজেপি চৰকাৰে আজিলৈকে বুদ্ধিমত্তাৰে তাৰ পৰা পলায়ন কৰিছে। ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বাবে সংবিধান সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিছিল। সেই বিধেয়ক আজিও ৰাজ্যসভাত পৰি আছে—আলোচনা পর্যন্ত হোৱা নাই। যেতিয়া বিধেয়ক সংসদত আছে, মাত্ৰ পাছত পাৰিত কৰোৱাই বাকী, তেতিয়াই আকৌ অসম চৰকাৰে মন্ত্রীগোট গঠন আৰু নতুন প্ৰতিবেদন—এটা শুদ্ধ প্ৰহসন। লুৰীণজ্যোতি গগৈৰ মতে, বিজেপিৰ এই আচৰণ ২০২৬ৰ নিৰ্বাচনৰ আগত আনুষ্ঠানিকতা দেখুৱাই ভোট আকর্ষণ কৰাৰ চেষ্টা, অৰ্থাৎ—“নির্বাচনী ললিপপ”।


গগৈয়ে উল্লেখ কৰে— জনজাতিকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ইতিমধ্যে NCST, RGI, কেন্দ্রীয় কেবিনেট সকলো ধাপ পাৰ হৈ অসমৰ ক্ষেত্ৰত অন্তিম স্তৰলৈ গৈ থকাৰ পাছতো বিজেপি চৰকাৰে ইচ্ছাকৃতভাবে বিষয়টো বঢ়াই নিছে।
৬ জনগোষ্ঠীৰ দাবী নতুন নহয়—বহু দশকৰ চলি থকা আন্দোলন, ক্ষেত্রবিশেষত ২০০৭ চনৰ লক্ষ্মী ওৰাং ঘটনা—অসমবাসীলৈ আজিও বেদনাদায়ক।


গগৈৰ চূড়ান্ত মন্তব্য- জনজাতিকৰণৰ বিষয়ে বিজেপিৰ আন্তৰিকতা একেবাৰে নাই। সত্যই যদি আন্তৰিকতা থাকে, তেন্তে এখন সহজ কাম—ৰাজ্যসভাত বিধেয়কখন পাৰিত কৰোৱা। কিন্তু তাক নকৰাকৈ অভিনয়, প্ৰহসন আৰু ভোটৰ ললিপপ দেখুৱাই ৰাইজক ধোঁকা দিয়া হৈছে।

Related Articles