ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনৰ খুমটাই আৰু গোলাঘাট সমষ্টিতো এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলক ডাক বেলটৰ সুবিধা প্ৰদান কৰা হৈছে । গোলাঘাট আৰু খুমটাই সমষ্টিত মুঠ ১২১১ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা আছে । ইয়াৰে খুমটাই সমষ্টিৰ ৫২০ আৰু গোলাঘাট সমষ্টিৰ ৬৯১গৰাকী । একেদৰে ৮০ বছৰ বয়সৰ উৰ্ধৰ গোলাঘাট সমষ্টিত ১৩১৮গৰাকী আৰু খুমটাইত ৮৪৮ গৰাকী ভোটদাতাৰ নাম এতিয়ালৈকে তালিকাভুক্ত হৈছে ।যদিও ভোটদাতাৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বি এল অ’ আৰু আই চি ডি এছৰ চুপাৰভাইজাৰ সকলে দুয়োটা সমষ্টিত ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ নাম তালিকাত নিশ্চিত কৰাৰ চূড়ান্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । দুই-এদিনৰ ভিতৰতে চূড়ান্ত তালিকা প্ৰকাশ পাব । যিসকল ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাই ডাক বেলটযোগে ভোট দিব বিচাৰে তেওঁলোকে এতিয়াও 12D আৱেদন পত্ৰৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । তেওঁলোকৰ আৱেদন পত্ৰসমূহ ঘৰৰ পৰাই সংগ্ৰহ কৰা হ’ব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…