এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল। তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা আছিল যদিও দলটোৰ তৃণমূল কৰ্মীসকলৰ অসন্তোষ্টিয়ে নিশ্চয়কৈ দলটোক বিমোৰত পেলাব। বিশেষকৈ সমষ্টিটোত একালৰ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি আগমণৰ পিছতেই বিজেপি কৰ্মীসকলৰ মাজত দুটা ফৈদ হোৱা পৰিলক্ষিত হল । বিভিন্ন সময়ত দলীয় কৰ্মীসকলৰ মাজৰ সংঘাতৰ প্ৰতিফলন হৈ আহিছিল যদিও সোমবাৰে গোলাঘাটত বিজেপিৰ পৰ্যবেক্ষকৰ তীক্ষ্ণ পৰ্যবেক্ষণ প্ৰক্ৰিয়া চলি থকা মাজতে সন্ধিয়া জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মী সকলৰ মাজত পুনৰবাৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।জানিব পৰা মতে , গোলাঘাট ,সৰুপথাৰ আৰু দেৰগাওঁ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ অহা বিজেপিৰ পৰ্যবেক্ষকগৰাকী কালি সন্ধিয়াভাগত গোলাঘাট বিজেপি কাৰ্যালয়ত বিভিন্ন গৰাকী নেতা কৰ্মীৰ লগত আলোচনাত মিলিত হয় । যদিও আলোচনা চলি থকাৰ মাজতে সমষ্টিটোত ইতিপূৰ্বে দলীয় কৰ্মীসকলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা যায়। অৰ্থাৎ গোলাঘাট বিধানসভা সমষ্টিত নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত যে ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰে প্ৰমাণ হ’ল আজি কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ জয়ধ্বনিত। এফালে অজন্তা নেওগ আনফালে বিতুপণ শইকীয়া জিন্দাবাদ, তথা ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হল গোলাঘাট বিজেপি কাৰ্যালয়। বিভিন্ন সময়ত বিজেপিৰ এই শক্তিশালী নেতাদ্বয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছিল যদিও এতিয়া সময়েহে কব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত কোনজনে প্ৰকৃততে দলীয় টিকট লাভ কৰিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…