চতিয়া সমষ্টিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা আগলৈকে সমষ্টিটোত শাসনাধিষ্ঠ চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ লগতে দলীয় সভা অনুষ্ঠিত হৈ যায়। সমষ্টিটোৰ জামুগুৰিহাটত অলপতে অনুষ্ঠিত এক দলীয় সভাত আগন্তক বিধান সভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক প্ৰত্যাহ্বান জনাইছে বিধায়ক পদ্ম হাজৰিকাই। অলপতে চতিয়া সমষ্টিৰ টুপীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এখন বুথ সন্মিলনত উপস্থিত থাকি সাংবাদিকৰ আগত চতিয়া সমষ্টিত কংগ্ৰেছ দল জয়যুক্ত হ’ব বুলি মন্তব্য কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতিগৰাকীক এই দৰে উভতি ধৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ৰিপুন বৰাক প্ৰত্যাহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই কয়- তেওঁৰ সৎ সাহস আছে যদি চতিয়ালৈ আহি আগন্তক নিৰ্বাচনত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। যি জন ৰিপুন বৰাই ৰাজ্যিক সভাপতি হৈ নিজৰ পঞ্চায়তত নিজৰ আৰ্ড মেম্বাৰকে জিকাব নোৱাৰিলে,সেইজন ৰিপুন বৰাই চতিয়াত কংগ্ৰেছ জিকোৱাৰ কথা এক অলীক কল্পনাহে। বিধায়ক গৰাকীয়ে কয়-ৰিপুন বৰা তিহাৰ জে’লৰ পৰা ওলাই অহাৰ পাছতেই মূৰৰ বিকৃতি ঘটিছে। সেইবাবেই কিছুদিন আগতে নিজ দলকে গালি পাৰি প্ৰলাপ বকিছিল। ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিজেপিৰ বাবেই শুভ লক্ষণ বুলি উল্লেখ কৰি ৰিপুন বৰাক কংগ্ৰেছত এজেন্ট কৰি ৰাখিছোঁ বুলি কটাক্ষ কৰে বিধায়ক হাজৰিকাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- কচুঃ কচু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী, চুগাৰো নিয়ন্ত্ৰণত ৰাখে! জানক কচুৰ উপকাৰিতাৰ বিষয়ে…