গুৱাহাটী মহানগৰীৰ দিছপুৰৰ PWD(National Handicraft Week 2025) কনফাৰেন্স আৰু ট্ৰেইনিং চেণ্টাৰত ৮ ডিচেম্বৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে চলি আছে প্ৰস্তুতি। বস্ত্ৰ মন্ত্রালয়ৰ অধীনস্থ ডেভেলপমেণ্ট কমিচনাৰ (হেণ্ডিক্ৰাফ্টছ), উত্তৰ-পূৰ্বাঞ্চলীয় ৰিজিয়নেল অফিচ (nero)-এ এই অনুষ্ঠানটো আয়োজন কৰিছে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু শৈল্পিক ঐতিহ্যক বিশেষভাৱে প্ৰদৰ্শন কৰা হ’ব।
৮ ডিচেম্বৰত সপ্তাহযোৰা অনুষ্ঠানটোৰ আনুষ্ঠানিক উদ্বোধন হ’ব, য’ত খ্যাতনামা শিল্পগ্ৰু শ্ৰী মণ্টু চ. দাসে প্ৰদৰ্শনী লগতে ক্ৰাফ্ট ডেমনৰাস্ট্ৰেচন প্ৰগ্ৰাম (cdp)-ৰ উদঘাটন কৰি শিল্পী, অংশগ্ৰহণকাৰী আৰু অতিথিকসকলক সম্বোধন কৰিব। তেওঁ পৈতৃক হস্তশিল্প সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ শিল্পীসকলে এই প্ৰদৰ্শনীত অংশ ল’ব, য’ত বাঁহৰ সামগ্ৰী, হস্ত নিৰ্মিত বস্ত্ৰ, আদিবাসী শিল্পকর্ম সামগ্ৰী আৰু আধুনিক হস্তশিল্প উদ্যোগসমূহ প্ৰদৰ্শিত হ’ব। অতিথিসকলে লাইভত চাব পাৰিব এই দৰ্শনী, আন্তঃক্ৰিয়া মূলক অধিবেশনত অংশগ্ৰহণ কৰিব আৰু দক্ষতা উন্নয়ন আৰু সংস্কৃতি চেতনাৰ ওপৰত ভিত্তি কৰা ছেমিনাৰত উপস্থিত থাকিব তেওঁলোক।
এই অনুষ্ঠানটোৱে শিল্পীসকলৰ জীৱিকাক গুৰুত্ব দিব, বিস্তৃত্ব বজাৰ প্ৰদান আৰু স্থানীয়ভাৱে উৎপাদিত হাতৰ কামৰ সামগ্রী ব্যৱহাৰ কৰিবলৈ অন্য লোকক উৎসাহিত কৰিবলৈ লক্ষ্য ৰাখিছে, ‘ভোকেল ফৰ লোকেল’ আৰু ‘মেইড ইন ইণ্ডিয়া’।
অনুষ্ঠানটো আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন, অঞ্চলটোৰ আগ্ৰহী শিল্পানুৰাগী, ছাত্ৰ-ছাত্ৰী, উদ্যোগপতি আৰু সাধাৰণ লোকৰ মাজত আশা-আকাংক্ষা বৃদ্ধি পাইছে।

