ভাৰত চৰকাৰৰ(National Handicraft Week) বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটী উন্নয়ন আয়ুক্তৰ (হস্তশিল্প) উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যালয়ে অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ এক হস্তশিল্প সপ্তাহজোৰা উদযাপনৰ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫-এ উত্তৰ-পূবৰ সৃষ্টিশীলতাক চিনাকী কৰাই দিবলৈ সাজু হৈছে।

এই ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫ প্ৰদৰ্শনীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনীসকলে অংশ ল’ব, য’ত বেত আৰু বাঁহৰ সামগ্ৰী, হস্ততাঁত, জনজাতীয় কলাকৃষ্টি আৰু প্ৰাকৃতিক বস্তুৰে নিৰ্মিত সৃষ্টিকে ধৰি বিভিন্ন ধৰণৰ হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। লাইভ প্ৰদৰ্শন, প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু ইন্টাৰেক্টিভ অধিৱেশনৰ জৰিয়তে দৰ্শকে শিল্পীসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ’ব পাৰিব আৰু অঞ্চলটোৰ শিল্প উদ্যোগসমূহৰ আধাৰত থকা দক্ষতা, ঐতিহ্য আৰু বহনক্ষম পদ্ধতিসমূহৰ বিষয়ে সাম্যক জ্ঞান লাভ কৰিব পাৰিব।

আয়োজকসকলে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে শিল্পীসকলৰ জীৱিকাৰ উন্নতিৰ লগতে হাতেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰতি মানুহক উৎসাহিত কৰা। ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰি আৰু স্থানীয় শিল্পকৰ্মৰ বাবে উত্তৰ-পূবৰ হস্তশিল্প খণ্ডৰ মান্যতা বৃদ্ধিত সহায় কৰিব বিচাৰে।

