Vladimir Putin in india: ভাৰতত পুটিন, চিন্তিত আমেৰিকা…

ভাৰতত উপস্থিত হ’ল(Vladimir Putin in india) ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ বৃহস্পতিবাৰে সন্ধিয়া দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিন৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত স্থানত উপস্থিত হৈ তেওঁক আদৰণি জনায়৷ তাৰ পিছতে দুয়োৱে ইজনে সিজনক আলিংগণ কৰে৷ পৰৱৰ্তী সময়ত একেখন বাহনতে বহি দুই বন্ধু- পুটিন আৰু মোদীয়ে নিৰ্দিষ্ট স্থান অভিমুখে ৰাওনা হয়৷ ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰতলৈ আহিছে পুটিন৷ তেওঁৰ সৈতে আজি তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে৷ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত পুটিনৰ এই ভাৰত ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ এই ভ্ৰমণে ভাৰত-ৰুছ সহযোগিতাক অধিক বিকশিত কৰি তুলিব বুলি আশা কৰা হৈছে৷

স্বাভাৱিকতেই ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ এই ভ্ৰমণ বিশ্ব ৰাজনীতিতে এতিয়া এক চৰ্চিত বিষয়৷ইয়াৰ সমান্তৰালকৈ এতিয়া চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইখনমান বিশেষ ফটো৷ এই ফটোকেইখন এতিয়াৰ নহয়, সুদীৰ্ঘ ২৪ বছৰ পুৰণি, অৰ্থাৎ ২০০১ চনৰ৷ পিছে পুটিনৰ আজিৰ ভাৰত ভ্ৰমণৰ সৈতে কি সম্পৰ্ক প্ৰধানমন্ত্ৰী মোদীৰ ২০০১ চনৰ এই ফটোকেইখনৰ/সেয়া আছিল ২০০১ চনৰ নৱেম্বৰ মাহৰ কথা৷ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত তেতিয়া অটল বিহাৰী বাজপেয়ী৷ ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ মস্কো ভ্ৰমণ কৰিছিল৷ বৈঠকত মিলিত হৈছিল ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে৷ তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে এই মস্কো ভ্ৰমণৰ দলটোত আছিল নৰেন্দ্ৰ মোদী৷ সেই সময়ত নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷

প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ সময়তো উপস্থিত আছিল নৰেন্দ্ৰ মোদী৷ সেয়াই আছিলভvাডিমিৰ পুটিনৰ সৈতে নৰেন্দ্ৰ মোদীৰ প্ৰথম সাক্ষাৎ৷২০১৯ চনত ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ উক্ত ৰুছ ভ্ৰমণ সোঁৱৰণ কৰিছিল৷ সেই সময়ত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি পুটিনে কৰা অমায়িক ব্যৱহাৰৰ কথা তেওঁ নিজ চ’ছিয়েল মিডিয়া পোষ্টত উল্লেখ কৰিছিল৷ ইয়াৰ ফলত বন্ধুত্বৰ দুৱাৰ মুকলি হৈছিল বুলিও উল্লেখ কৰিছিল মোদীয়ে৷এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে ২০০১ চনৰ ৰাছিয়া ভ্ৰমণৰ কেইখনমান ফটোও সংলগ্ন কৰিছিল৷ এতিয়া পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত এই ফটোকেইখন পুনৰ চৰ্চালৈ আহিছে৷ এসময়ত প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে ৰুছ ভ্ৰমণৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি পুটিনক প্ৰথমবাৰৰ সাক্ষাৎ পোৱা মোদীয়ে এতিয়া প্ৰধানমন্ত্ৰী হিচাপে আদৰণি জনাব ৰুছ ৰাষ্ট্ৰপতিগৰাকীক৷

Related Articles