পাকিস্তানী মিডিয়াৰ কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷ সংসদৰ অধিৱেশনত অপাৰেশ্যন সিন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷ গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷

কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷ পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷

গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে।
পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ।

