মাৰ্কিন(Post Malone concert)পপষ্টাৰ পোষ্ট মেলনৰ লাইভ কনচাৰ্টে সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত।ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল’লে অজস্ৰ সংগীতপ্ৰেমীয়ে। খানাপাৰা খেলপথাৰৰ কনচাৰ্টত জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ প’ষ্ট মেলনৰ। জুবিন গাৰ্গক GREAT LEGENDARY SINGER আখ্যা পপস্টাৰ পোষ্ট মেলনৰ। পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্টৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে-
‘আমেৰিকা-লণ্ডনৰ পৰা মানুহ অসমলৈ আহিছে’
‘ইউৰোপ, ফ্ৰান্সৰ মানুহে আহি গুৱাহাটীত প’ষ্ট মেলনৰ কনচাৰ্ট চাইছে’
‘এয়া অসমৰ বাবে গৌৰৱৰ দিন’
‘আমি ইণ্টাৰনেচনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ’
‘পৰ্যটকসকল দুদিনত ঘূৰি নাযায়, ৪-৫ দিন থাকিব’
‘সকলোৰে এটা ইতিবাচক প্ৰভাৱ অসমত পৰিব’
‘কালি ধুনীয়াকৈ অনুষ্ঠান হৈছে’
‘যদিও মই চাব যোৱা নাই, খবৰ লৈছো’
পোষ্ট মেলনৰ আয়োজককো ধন্যবাদ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

