Breaking

১০৭ নং থাওৰা সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীক উস্ম আদৰণি, ডিমৌ নিতাই, পানীদিহিং : বকতা পৰিভ্ৰমণ

0 2,121

১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ  বিজেপি অগপৰ মিত্রজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক প্ৰাথীত্ব প্ৰদান কৰাৰ আনুষ্ঠানিক ঘোষণা নকৰিলেও দুৱৰীয়েই থাওৰাত প্ৰাথীত্ব পোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে থাওৰা বিজেপি। আজি দুপৰীয়া গুৱাহাটীৰ পৰা থাওৰা সমষ্টি প্ৰৱেশ পথতে এখন অত্যাধুনিক “ভিনটেজ অলফা ৰোমিঅ'” গাড়ীত বিজেপিৰ ২০২১ ৰ থাওৰা সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীক অাদৰি আনিলে হাজাৰোধিক বিজেপি থাওৰাৰ সৰ্মথকে । ২৭ মাৰ্চ অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দলীয় টিকট ঘোষণাৰ পূৰ্বে ডিমৌ দিচাং ৰজাবাৰীৰ পৰা দলীয় কৰ্মকতা ,শুভাকাংক্ষীয়ে মটৰ চাইকেল গাড়ীয়ে এক বিশাল সমদলেৰে  আদৰি আনিলে  ডিমৌৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়লৈ । বিজেপিৰ প্ৰাথীত্ব লাভ কৰাৰ এক প্ৰকাৰে নিশ্চিত হোৱাত কুশল দুৱৰীক ৰেলিত থাওৰা সমষ্টিলৈ আদৰি অনাৰ পথত ৩৭ নং ঘাইপৰৰ দাঁতিত দলৰ সমৰ্থক আৰু ৰাইজে ফুলাম গামোচাৰে আদৰণি জনায় বৰ্তমানৰ বিধায়ক কুশল দুৱৰীক । ইয়াৰ পিছতে বিজেপিৰ ডিমৌৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা সকলক উদেশ্য বক্তব্য ৰাখে আৰু আগন্তুক ২০ দিন থাওৰা বিজেপি তেওঁৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় আৰু তেওঁ সমষ্টিৰ ৰাইজৰ হৈ পাঁচটা বছৰ নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে নিতাই পানীদিহিঙৰ নিতাইপুখুৰীত নিব্বাচনী মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত দলীয় কৰ্মী সকলক উদেশ্যি বক্তব্য ৰাখি আৰু এই নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা ১৫ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ জয়ী হৈ যাব বুলি ব্যক্ত কৰে। এই অনুষ্ঠানতে আন কেইবাটাও ৰাজনৈতিক দলৰ সদস্যই ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। আন্যহাতেদি ভাৰতীয় জাতীয় কংগ্ৰেছৰ থাওৰা সমষ্টিৰ প্ৰাথী হিচাপে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঞি নাম ইতিমধ্যে নিশ্চিত হৈছে। আগন্তুক দিনত থাওৰাত বিজেপি আৰু কংগ্রেছৰ এখন আকৰ্ষণীয় যুঁজ হোৱাটো নিশ্চিত যদিও জয় পৰাজয় সমষ্টিৰ ভোটাৰ ৰাইজেহে নিশ্চিয়তা কৰিব ।

Leave A Reply