আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব নিশ্চিত হোৱা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সমষ্টিটোৰ বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালীক আজি দেৰগাঁৱত বিপুল আদৰণি জনোৱা হয়। আজি গুৱাহাটীৰ পৰা নিজৰ সমষ্টি দেৰগাঁৱলৈ অহাত নিৰ্বাচিনী প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গৰাকীক সমৰ্থক সকলে আদৰি আনে। অসম গণ পৰিষদৰ দেৰগাঁও নগৰ সমিতিৰ কাৰ্যালয়ত বিধায়ক তথা প্ৰাৰ্থী গৰাকীক সহস্ৰাধিক কৰ্মীয়ে বিপুল ভাবে আদৰণি জনায়। বৰ্তমানৰ বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালীয়ে প্ৰাৰ্থীত্ব লাভ কৰাত দলীয় কৰ্মী সকল উৎফুল্লিত হৈ আগতীয়া বিহু পতা দেখা যায়। আনহাতে দেৰগাঁও বিধানসভা সমষ্টিটো বৰ্তমানৰ বিধায়ক গৰাকীৰ পৰিবৰ্তে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি আহিছে। নিজৰ মিত্ৰজোঁটৰ বিধায়ক গৰাকীৰ বিৰুদ্ধেই বিভিন্ন সময়ত অকৰ্মকন্যতাৰ অভিযোগ তুলি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি সকলোৰে দলীয় প্ৰাৰ্থীত্বৰ দাবী জনাই আহিছিল। কিন্তু সকলোকে আচৰিত কৰি ভবেন্দ্ৰ নাথ ভঁৰালীয়ে প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম হয়। দেৰগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাষী সকলৰ ভিতৰত আছিল প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, মৃদুপৱন দাস, জয়ন্ত হাজৰিকা, জ্যোতি প্ৰকাশ নাৰায়ণ, ৰঞ্জিত দাস আদি। ইপিনে ভবেন্দ্ৰ নাথ ভঁৰালীৰ প্ৰাৰ্থীত্ব প্ৰতিবাদত একাংশ বিজেপি দলৰ কৰ্মীয়ে দল ত্যাগৰো ভাবুকি দিয়া পৰিলক্ষিত হয়।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাষী মৃদু পৱন দাসে প্ৰাৰ্থী গৰাকীক গুৱাহাটীৰ পৰা নিজৰ সমষ্টি দেৰগাঁৱলৈ কৰা যাত্ৰা পথত সংগ দিয়াৰ লগতে আদৰণিৰ সময়ত বিজেপিৰ দেৰগাঁও নগৰ মণ্ডলৰ সভাপতি দিলিপ খাউণ্ড, সম্পাদক উদয় ভাস্কৰ দত্তও উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…