প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ ভিতৰতে দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে বোকাখাতত আজি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰূপে আৰ টি আই কৰ্মী বিজয় কুটুমে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ২০১৬ চনতো বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজয় কুটুমে ৷ সেইবাৰ নিৰ্বাচনত মাত্ৰ ১৩৫১ টা ভোট লাভ কৰিছিল আৰ টি আই কৰ্মী বিজয় কটুমে । মনোনয়ন পত্ৰ দাখিলৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজয় কুটুমে দুৰ্নীতিমুক্ত আৰু এখন নিকা বোকাখাত গঢ়াৰ লক্ষ্য আগত ৰাখিয়েই মনোনয়ন পত্ৰ দাখিল কৰা বুলি মন্তব্য কৰে ৷ আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত আৰু আকৃষ্ট হৈ আম আদমী পাৰ্টি চমুকৈ আপৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে বিজয় কুটুমে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই বোকাখাতত যিমান পৰিমাণৰ উন্নয়ণ সাধন কৰিব লাগিছিল, সেইয়া সমাধান কৰাত বিফল হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনত তেওঁ বোকাখাতৰ পৰা বিজয়ী হ’লে স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত বোকাখাত গঢ়াৰ সংকল্প আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ লগতে শিক্ষিত নিৱনুৱা সকলক সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বোকাখাতৰ উন্নয়ণত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ পূৰ্বে বোকাখাতৰ ইন্দিৰা গান্ধী স্মৃতি উদ্যানৰ সমীপৰ পৰা দলীয় সমৰ্থকসহ পদযাত্ৰা কৰি আহি বোকাখাত মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ দুই সমৰ্থকসহ বিজয় কুটুমে মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়া বিপুল দাসৰ হাতত মনোনয়ন পত্ৰ প্ৰদান কৰে ৷ কিন্তু পূৰ্বৰ নিৰ্বাচন দৰে এইবাৰ নিৰ্বাচনত বোকাখাতৰ জনতা জনাৰ্দনে বিজয় কুটুম প্ৰতি কি ৰায় প্ৰদান কৰে সেইয়া দুই মে’তহে জানিব পৰা যাব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…
- যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…