জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

বহু প্ৰতীক্ষাৰ অন্তত বিশেষ তদন্তকাৰী দল (SIT)য়ে ১২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰে। এই চাৰ্জশ্বীটত মুঠ ৭ জনক অভিযুক্ত কৰা হৈছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ বিভিন্ন গুৰুত্বপূৰ্ণ ধাৰা সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰা হ’ল BNS 103 আৰু BNS 105।

SITৰ মতে, অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNS 105 ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ (culpable homicide) অভিযোগ উত্থাপন কৰা হৈছে। লগতে জুবিন গাৰ্গৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316 ধাৰাৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ গোচৰ ৰুজু কৰা হৈছে।

BNS 105 ধাৰা কি?

ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ১০৫ নং ধাৰা অনিচ্ছাকৃত হত্যাৰ সৈতে জড়িত। পূৰ্বে এই ধৰণৰ অপৰাধ ভাৰতীয় দণ্ডবিধি (IPC)ৰ ৩০৪ নং ধাৰাৰ অধীনত বিবেচিত হৈছিল। কিন্তু নতুন আইন BNS কাৰ্যকৰী হোৱাৰ পাছত এই অপৰাধক ১০৫ ধাৰাৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে।

এই ধাৰা তেতিয়া প্ৰযোজ্য হয়, যেতিয়া কোনো ব্যক্তিয়ে হত্যা কৰাৰ উদ্দেশ্য নাথাকিলেও এনে কোনো কাম কৰে, যাৰ ফলত আন এজন ব্যক্তিৰ মৃত্যু হয়। অৰ্থাৎ অভিযুক্তই জানিছিল যে তেওঁৰ কামৰ ফলত মৃত্যুৰ সম্ভাৱনা আছে, কিন্তু হত্যাৰ স্পষ্ট উদ্দেশ্য নাছিল।

BNS 105 ধাৰাৰ মুখ্য উপাদান

  • অভিযুক্তৰ কাৰ্যৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হোৱা
  • অভিযুক্তই জানিছিল যে তেওঁৰ কাৰ্য বিপজ্জনক
  • হত্যাৰ স্পষ্ট উদ্দেশ্য নাছিল

উদাহৰণ

  • দায়িত্বহীনভাৱে গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰি কাৰোবাৰ মৃত্যু ঘটোৱা
  • খঙৰ বশৱৰ্তী হৈ কাৰোবাৰ ওপৰত আক্ৰমণ কৰা আৰু মৃত্যু হোৱা
  • অসাৱধানতাৰে কোনো ব্যক্তিক পানীত ডুবাই দিয়া আদি

কি কি শাস্তি হ’ব পাৰে?

  • উদ্দেশ্য আছিল বুলি প্ৰমাণিত হ’লে : ন্যূনতম ৫ বছৰ পৰা ১০ বছৰলৈ কাৰাদণ্ড, অথবা আজীৱন কাৰাদণ্ড আৰু জৰিমণা
  • জানি-বুজি বিপজ্জনক কাম কৰিলে : সৰ্বোচ্চ ১০ বছৰলৈ কাৰাদণ্ড, জৰিমণা বা দুয়োটা
  • ন্যূনতম শাস্তি : ৫ বছৰৰ কাৰাদণ্ড

জামিনৰ ব্যৱস্থা

BNS 105 ধাৰাৰ অধীনত অপৰাধক গুৰুতৰ আৰু সাধাৰণতে জামিনবিহীন (non-bailable) অপৰাধ হিচাপে গণ্য কৰা হয়। সেয়েহে এই ধাৰাত গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে সাধাৰণতে জামিন লাভ নকৰে। অৱশ্যে বিশেষ পৰিস্থিতিত আদালতে জামিন বিষয়টো বিবেচনা কৰিব পাৰে।

(লেখাটো বিভিন্ন দিশৰ পৰা তথ্য় সংগ্ৰহ কৰি লেখা গৈছে। গতিকে এই ক্ষেত্ৰত অধিবক্তাৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।)

Related Articles