অসম বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে অন্যান্য সমষ্টি সমূহৰ লগতে ৭০নং মাজবাট বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে । বিজেপি দলে প্ৰাক্তন এম চি অল এ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য জিতু কিষাণক দলীয় প্ৰাৰ্থীত্ব আগবঢ়াইছে । সমষ্টিটোত বিজেপি ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা প্ৰাৰ্থীত্ব দাবীদাৰ আছিল যদিও দলে জিতু কিষানক হে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰে । সমষ্টিটোত ২৩ বছৰে কংগ্ৰেছ দলে , ১৫ বছৰ বিপিএফ দলে , আৰু পাঁচ বছৰ নিৰ্দলীয়ই শাসন ভাৰ চলাইছিল । বৰ্তমানৰ বিপিএফ দলৰ দুৰ্গ স্বৰূপ সমষ্টিটোত বিজেপি দলে যিকোনো প্ৰকাৰে নিজৰ হাতলৈ লৈ দলীয় নেতা কৰ্মী সকলে পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে ৰাইজৰ ঘৰে ঘৰে গৈ সম্পৰ্ক অভিযান চলাই আহিছে । বিগত বিটিআৰ নিৰ্বাচনাতো উক্ত বিধানসভা সমষ্টি দলৰ লক্ষ্যৰে এম চি অল এ সকলক জয় কৰাই অনাৰ স্বাৰ্থত ২৬ টা সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল আৰু ৯ খন কৈ এম চি অল এ ৰ আসন জয় কৰিবলৈ সক্ষম হৈছিল । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিটো বিপিএফ দলৰ পৰা বিজেপি দলে আজুৰি আনি বিধানসভাৰ বিধানসভাৰ বাবে টঙালি বান্ধিছিল । বৰ্তমান বিপিএফ দলৰ বিধায়ক চৰণ বড়ো দলৰ স্থিতি যিয়েই নহওঁক ব্যক্তি হিচাবে তেখেতৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি । বিপিএফ, কংগ্ৰেছ , এ আই ইউ ডি এফ ৰ মহাজোঁটৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত হৈছে । বিজেপি প্ৰাৰ্থী জিতু কিষানেও সমষ্টিটোত অধীনস্থ আঠ খনকৈ চাহ বাগিচাৰ লগতে গাঁও আৰু অঞ্চলতো সমান্নয় বজাই ৰাখিছে । সমষ্টিটোত এই বেলি এক লাখ সাতাউন্ন ১৫৭৪৪৯ ভোটাৰে ভোট দান সাব্যস্ত কৰিব । সমষ্টিটোত বড়ো সম্প্ৰদায়ৰ ৪২,০০০ , চাহ জনগোষ্ঠী ৩৯০০ হাজাৰ মুছলমান ৩২০০০ হাজাৰ , খিলঞ্জীয়া অসমীয়া ১৩০০০ হাজাৰ বেংঙালী সাম্প্ৰদায়ৰ ১২০০০ হাজাৰ নেপালী ১১০০০ , হিন্দী ভাষী ৩০০০ আৰু অন্যান্য ৪০০০ ভোটাৰ এইদৰে সম্প্ৰদায়ৰ ভিক্তিত আছে । উল্লেখ্য যে ৬ ফেব্ৰুৱাৰীত বিজেপি দলীয় টিকট লৈ সমষ্টিলৈ ৰাওনা হওঁতে বিজেপি দলৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী জিতু কিষানক ওৰাং লক্ষী মন্দিৰ প্ৰাংগনত মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা ৰ লগতে বহুতো জ্যেষ্ঠ দলীয় কাৰ্য্যকৰ্তা আৰু স্থানীয় ৰাইজে শ শ গামোছাৰে শ শ লোকে বিপুল আদৰণি জনায় ।বিজেপিৰ কৰ্মী লাধু লোহাৰ , চাৰ্জ্জু চাওৰা , পুষ্প থাপা , ৰঞ্জন ডেকা , মন্না দে , কঁপিল মহাতো , বনলতা শৰ্মা , বিজয়া বৰা , পদুমী মহানন্দ , শচীন মহানন্দ ,বিজয়া বৰা,দিব্য জ্যোতি শইকীয়া আদি উপস্থিত থাকি আদৰনি জনায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…