দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে পুণৰবাৰ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ, বিজেপি কৰ্মীসকলৰ নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীক নেতৃত্বই গুৰুত্ব নিদিয়াত বিজেপি তৃনমূলৰ কৰ্মীসকল ক্ষোভিত হৈ পৰিছে। যোৱা কায্যকালত সমষ্টি উন্নয়নত ব্যৰ্থতা, মিত্ৰজোঁটৰ কৰ্মীসকলক গুৰুত্ব নিদিয়া, দেৰগাঁৱত অগপৰ নিশকটিয়া ভেটি আদিৰ অভিযোগেৰে এইবাৰ নিৰ্বাচনত বিজেপি কৰ্মীসকলে ভঁৰালীৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি যিকোনো এজন বি জে পিৰ দলীয় দাবীদাৰক দেৰগাঁৱত প্ৰাৰ্থীত্ব প্ৰদাণৰ দাবী উত্থাপন কৰিছিল। কিন্তু শেহান্তৰত পুণৰ ভৱেন্দ্ৰ নাথ ভঁৰালীকে প্ৰাৰ্থীত্ব দিয়াত অসন্তুষ্ট বিজেপিৰ একাংশ কৰ্মীয়ে চৰম ক্ষোভ প্ৰকাশ কৰি, এইবাৰ ভোট বৰ্জন, দলত্যাগ,আৰু অন্যদলৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি ব্যক্ত কৰিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ এনে প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে বিজেপিৰ বঞ্চিত প্ৰাৰ্থীত্বৰ দাবীদাৰ, প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাই নিৰ্বাচনত নিৰ্দলীয়ৰূপত অৱতীৰ্ণ হোৱাৰ যো-জা কৰাৰ খবৰ এক বিশেষ সুত্ৰৰ যোগেদি জানিব পৰা গৈছে। এই খৱৰে একপ্ৰকাৰ দেৰগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভঁৰালীলৈ সংশয় নমাই আনিছে ।উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা আৰতী হাজৰিকা কছাৰীৰ অকাল বিয়োগৰ পিছত সমষ্টিটোত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকা হ’ব নতুনমুখ।তাৰোপৰি কেবাজনো দীৰ্ঘদিনীয়া দাবীদাৰৰ মাজৰ অন্যতম যোৰহাট জিলা কংগ্ৰেছ প্ৰশাসনিক সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস, উচ্চ শিক্ষিত ব্যক্তি তথা কলেজ শিক্ষক ড০ ৰমানন্দ দাসক বঞ্চিত কৰি বানী হাজৰিকাৰ প্ৰাৰ্থীত্ব লাভে কংগ্ৰেছ শিবিৰতো সমৰ্থক সকল অসন্তুষ্ট নোহোৱাকৈ থকা নাই।।ইফালে, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ চন্দ্ৰ দাসো এগৰাকী শক্তিশালী প্ৰাৰ্থী।এনে পৰিপেক্ষিতত নতুন মুখৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক অভিজ্ঞতাপুষ্ট ভৱেন ভৰালীয়ে পৰাস্ত কৰি পুণৰবাৰ দেৰগাঁৱৰ আসনখন লাভৰ সম্ভাৱনা নথকাও নহয় যদিও বিজেপি নেত্ৰী তথা প্ৰাক্তন অগপ বিধায়িকা সুশীলা হাজৰিকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ভৱেন ভৰালীৰ সন্মুখত যে তীব্র প্ৰত্যাহ্বান আহি পৰিব ই নিশ্চিত।অৱশ্যে সুশীলা হাজৰিকাই,নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপি কৰ্মীসকলৰ আহবানত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা চলাইছে যদিও এইয়া হৈ উঠে নে নুঠে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…